NE Indiaৰ ৰাজনৈতিক বিশ্লেষণঃ কনৰাড চাংমা, NPP তথা ৰাজনৈতিক প্রেক্ষাপট

0
99
মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই উত্তৰাধিকাৰ সুত্রে এনপিপি দলৰ অধ্যক্ষ । তেওঁ‌ৰ প্রয়াত পিতৃ, লোকসভাৰ প্রাক্তন স্পিকাৰ পিএ চাংমা । কংগ্ৰেছৰ পৰা পদত্যাগ কৰি শাৰদ পাৱাৰৰ নেতৃত্বাধীন NCP দলৰ তেওঁ‌ আছিল অন্যতম প্রতিষ্ঠাতা । ২০১২ চনত এনচিপি দলৰ পৰা বহিস্কৃত হোৱাৰ পিচতে গঠন কৰে এনপিপি দল । পিতৃৰ মৃত্যুৰ পিচতেই দলৰ দায়িত্ব কান্ধ পাতি লয় বিলাত ফেৰত পুত্র কনৰাডে । বর্তমান উত্তৰ পুৱত এই দলৰ আছে মুঠ ২৬ গৰাকী বিধায়ক । ২০ গৰাকী মেঘালয়ত, চাৰিজন মনিপুৰত আৰু দুজন নগালেণ্ডত ।
মেঘালয় বিধানসভাত এনপিপি দলৰ মাত্র ২০ গৰাকী বিধায়ক থকা সত্বেও নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শর্মাৰ হাতত ধৰি কনৰাড চংমা সক্ষম হয় মন্ত্রীসভা গঠন কৰিবলৈ । লগতে মাত্র চাৰি গৰাকী সদস্যক লৈ মনিপুৰ মন্ত্রীসভাৰ অংশীদাৰ হয় এনপিপি । নেডাৰ অংশীদাৰ দল হিচাপে । কনৰাডে CAB বিৰোধিতাৰে সংবাদৰ শিৰোনাম দখল কৰি এনডিএ পৰা ফালৰি কটাৰ হুমকি দিছিল যদিও, সমাগত লোকসভাৰ ৰণকৌশল মনত ৰাখি, অৱশেষত পদক্ষেপৰ আতৰি আহে কনৰাড । মেঘালয়ত ক্ষমতা দখল তথা মুখ্যমন্ত্রী হোৱাৰ লগতে কনৰাড চাংমাই কেবিনেট মন্ত্রীৰুপে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে জেষ্ঠ ভাতৃ জেমচ চাংমাক ।
কনৰাড ভগ্নী আগাথা বাজপেয়ী মন্ত্রীসভাৰ কনিষ্ঠতম সদস্য আছিল । প্রাক্তন কেন্দ্রীয় মন্ত্রীক ৰাজ্যিক মন্ত্রীসভালৈ অনা টো দৃষ্টিকটু, সেয়ে আগাথা চাংমাক মেঘালয় মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।  উপযুক্ত স্থান সন্ধানত তেওঁ‌ ।  কিন্তু, কিবা পাবলৈ হলে কিবা এটা হেৰুৱাবই লাগে-এয়া সভ্য জগতৰ নিয়ম । এনে কিছু পৰিকল্পনা লৈয়ে, নেডা আৰু হিমন্ত বিশ্বৰ হাতত ধৰি সন্তৰ্পনে আগুৱাইছে কনৰাদ ।আগাথাক জয়ী কৰোৱাই কেন্দ্রীয় মন্ত্রীসভাত সংস্থাপন, এনডিএ-ৰ অংশীদাৰ দল হিচাপে চৰকাৰৰ অংশীদাৰ হোৱা আদি । বিনিময়ত ৫ খন আসনত বিজেপিক জয়ী কৰাত সহায় কৰিব লাগিব । এই পৰিকল্পনা অনুসৰি কংগ্রেছ দলৰ প্রভাৱ থকা মুঠ ৭ খন আসনত প্রার্থিত্ব দিছে এনপিপি দলে । শিলচৰ, কলিয়াবৰ, যোৰহাটসহ অসমৰ ৫ খন, মনিপুৰ আৰু অৰুণাচল প্রদেশৰ ১খন আসনত । কংগ্রেছ দলৰ এক নির্দিষ্ট সংখ্যক ভোট এনপিপি প্রার্থীসকলে কৰ্তন কৰিব লাগিব, যাতে  বিজেপিৰ প্রার্থীসকলে নির্বিঘ্নে নির্বাচিত হ’ব পাৰে । ওপৰুৱাকৈ চালে প্রতিপক্ষ যেন লাগিলেও কনৰাড চাংমা তথা হিমন্ত বিশ্বৰ এয়া পৰিকল্পিত ৰণকৌশল । এটাই মাত্র উদ্দেশ্য,  তুৰা লোকসভা আসনৰ পৰা ভগ্নী আগাথাক জয়ী কৰাব লাগে । লগতে অন্য পাঁচখন আসনত বিজেপিক জয়ী কৰোৱাত মুল ভুমিকা পালন কৰিব লাগিব এয়াই কনৰাদ স্বপ্ন । কনৰাড চাংমাৰ স্বপ্ন পুৰণ হয় নে নহয়, এয়া গম পোৱা যাব ২৩ মে’ৰ পিচতহে ।
প্ৰতিবেদক, চাউথ অসম ব্যুৰো চীফ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here