Home বিনোদন

বিনোদন

কপিল দেৱৰ বায়’পিকৰ ওপৰত কোনে দিলে কটু মন্তব্য!

ENTERTAINMENT DESK: এইবাৰ ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ তথা এসময়ৰ  "হাৰিয়ানা হাৰিকেন" নামেৰে খ্যাত  কপিল দেৱৰ জীৱন ভিত্তিক "৮৩" নামৰ বায়'পিক নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে। জানিব পৰা মতে বায়'পিকখন পৰিচালনা কৰিব বলিউডৰ প্ৰখ্যাত পৰিচালক কবীৰ খানে। উল্লেখনীয় যে বায়'পিকখনত কপিল দেৱৰ মুখ্য চৰিত্ৰ ৰূপায়ন কৰিব ৰণবীৰ সিঙে। গুৰুত্বপূৰ্ণ যে কিছু সময়ৰ আগতে কপিল দেৱ আৰু ৰণবীৰ সিঙৰ এখন আলোকচিত্ৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ...

জীৱনৰ আটাইতকৈ কঠিন সময়বোৰ কিয় পাহৰিব বিচৰে অভিনেত্ৰী ছানী লিয়নীয়ে

ENTERTAINMENT DESK, NE INDIA : জীৱনৰ কঠিন সময়খিনি পাহৰিব বিচাৰে অভিনেত্ৰী ছানী লিয়নীয়ে । অভীনেত্ৰী গৰাকীয়ে তেওঁৰ জীৱনৰ কিছু কথা শ্বেয়াৰ কৰি কয় যে, যেতিয়া তেওঁৰ মাতৃয়ে এই সংসাৰৰ পৰা বিদায় লৈছিল, সেই সময়তে তেওঁৰ পিতৃও এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল । তাৰ পাছত অভিনেত্ৰী গৰাকী বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে এটা ভাৰতীয় টিভি শ্ব'ৰ বাবেও নিমন্ত্ৰণ...

“প্ৰেম-বিবাহ-বিচ্ছেদ” প্ৰিয়ংকা আৰু নিকৰ ৪মহীয়া সম্পৰ্ক

Entertainment Desk, NE India: প্ৰিয়ংকা-নিকৰ বিয়াখনে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছিল। ছ’চিয়েল মিডিয়াতো যথেষ্ট চৰ্চিত হৈছিল বিয়া খন। অতি কমদিনতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠা প্ৰিয়ংকা আৰু নিকৰ বিবাহৰ সিদ্ধন্তাও আছিল অতি খৰতকীয়া। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ২০১৮ বৰ্ষৰ ১ ডিচেম্বৰত সামাজিক ভাৱে প্ৰতিজ্ঞা বদ্ধ হৈছিল প্ৰিয়ংকা আৰু নিকে। বিয়াৰ পিছত নিকৰ সৈতে কটোৱা মধুৰ সময়বোৰ কেমেৰাত আবদ্ধ কৰি...

আন এক বিৰল সন্মানৰ অধিকাৰী হ’ল ৰীমা দাস

ENTERTAINMENT DESK, NE INDIA : সফলতাৰ জখলাত বগবালৈ সক্ষম হৈছে অসম কণ্যা ৰীমা দাসে । ৰীমা দাসলৈ এইবাৰ আগবঢ়োৱা হ'ল আন এক বিৰল সন্মান । টৰণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল(TIFF)ৰ 'শ্বেয়াৰ হাৰ জাৰ্নী' শীৰ্ষক পদক্ষেপৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে ৰীমা দাসক । উল্লেখ্য যে ভিলেজ ৰকষ্টাৰৰ ব্যাপক সফলতাৰ পাছত ৰীমা দাস 'বুলবুল কেন চিং' ছবিখনেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সহাঁৰি...

১০০ কোটিৰ ক্লাৱত অন্তৰ্ভুক্ত হ’ল ‘কেশৰি’

ENTERTAINMENT DESK, NE INDIA : অক্ষয় কুমাৰ অভিনীত নতুন ছবি 'কেশৰি' অন্তৰ্ভুক্ত হ'ল ১০০ কোটিৰ ক্লাৱত । বৃহস্পতিবাৰে এই অভিলেখ গঢ়িবলৈ সক্ষম হ'ল 'কেশৰি' নামৰ ছবিখনে । এই ছবিখনৰ জৰিয়তে বলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে ১০০ কোটিৰ ক্লাৱত ১০ তকৈ অধিক বাৰ সন্নিৱিষ্ট হোৱা চুপাৰষ্টাৰ হ'বলৈ সক্ষম হ'ল । উল্লেখ্য যে এই ক্লাৱত অন্তৰ্ভুক্ত হোৱা ছবিসমূহৰ দীঘলীয়া তালিকাৰ ভিতৰত প্ৰথমে...

প্ৰেমে নামানে বয়সৰ সীমা ! তাকে প্ৰমাণ কৰিলে এই দুই বলিউদ ষ্টাৰে

Entertainment News, Ne India: বিগত কেইদিনমান ধৰি মলাইকা আৰু অৰ্জুনৰ সম্পৰ্ক সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈছিল । মলাইকা আৰৌৰা আৰু অৰ্জুন কাপুৰে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে জনাব নিবিচাৰিলেও দুয়োৰে ৰিলেচনশ্বিপৰ সম্পৰ্কে সকলোৱে জ্ঞাত। উল্লেখ্য যে সম্পূৰ্ণ গোপনীয়তাৰে দুয়ো আগবাঢ়িছে বিয়াৰ বাবে। আৰৱাজ খানৰ সৈতে বিবাহ বিচ্ছেদ কৰি মালাইকা আৰৌৰা আগবাঢ়িছে দ্বিতীয় বিবাহৰ দিশে। জানিব পৰা মতে মালাইকা বয়সত অৰ্জুনতকৈ ১২ বছৰ...

ৰণবীৰক এই গৰাকী অভিনেত্ৰীয়ে ক’লে  I love you

ENTERTAINMENT DESK, NE INDIA: ফিল্ম ফিয়েৰ এৱাৰ্ডচত অভিনেত্ৰী আলিয়া ভট্টই ৰণবীৰ কাপুৰ আগত ব্যক্ত কৰিলে প্ৰেমৰ কথা । মুম্বাইত অনুস্থিত হোৱা ৬৪তম ফিল্ম ফেয়াৰ এৱাৰ্ডছত ৰণবীৰ আৰু আলিয়াক একেলগে দেখিবলৈ পোৱা গ'ল । শনিবাৰৰ ফিল্ম ফেয়াৰ এৱাৰ্ডছত 'ৰাজী' ফিল্মৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে আলিয়া ভট্টই। নিজৰ সফলতাত সুখী হৈ ৰণবীৰক স্পেছিয়েল শাৰীত ৰাখে অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে...

২২ মাৰ্চত শুভমুক্তি ‘কানীন’

ENTERTAINMENT DESK, NE INDIA: অসমীয়া ছবি জগতলৈ সুদিন উভতি অহা বুলি কৈ থকাৰ সময়তে মুক্তি লাভ কৰিছে ইখনৰ পিছত সিখন নতুন ছবি। বিখ্যাত চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাত ২২ মাৰ্চত মুক্তি লাভ কৰিব অন্য এখন অসমীয়া কথাছবি 'কানীন'। সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত লেখিকা ড৹ ৰীতা চৌধুৰীৰ এখন উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে  এই কথাছবিখন। সম্পূৰ্ণ নাৰীকেন্দ্ৰিক তথা হৃদয় স্পৰ্শী  ছবিখনত...

মুক্তি পালে “পি এম নৰেন্দ্ৰ মোডী” ৰ প্ৰথমটো ট্ৰেইলাৰ

ENTERTAINMENT DESK, NE INDIA : সমাগত লোকসভা নিৰ্বাচন। ইতিমধ্যেই আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে কুচ-কাৱাজ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত বিজেপিও পিছপৰি থকা নাই। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত বনোৱা ছবি " পি  এম নৰেন্দ্ৰ মোডী" ৰ প্ৰথমটো ট্ৰেইলাৰ মুক্তি পায়। সন্দিপ সিং এ নিৰ্মাণ কৰা এই চিনেমাখনৰ প্ৰথমটো ২ মিনিট ৩৫ চেকেণ্ডৰ ট্ৰেইলাৰ মুম্বাইত আনুষ্ঠানিকভাৱে মুক্তি পায়।...

পুলৱামাৰ ঘটনাৰ আধাৰত নিৰ্মাণ হ’ব ছবি

NEWS DESK,NE INDIA: চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে ভাৰতীয় সৈন্যবাহিনীৰ ওপৰত আত্মঘাটী বোমাৰে  আক্ৰমণ চলাইছিল। এই আক্ৰমণত দেশৰ বহু কেইজন সৈন্য শ্বহীদ হৈছিল। ইয়াৰ পিছত ভাৰতীয় এই সকল শ্বহীদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্ব‌ই বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। এইবাৰ এই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই  বলিউদত ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে অভিষেক কাপুৰে। খৱৰ অনুসৰি এই ছবি খনত মুখ্য...