BREAKING নিৰ্বাচনৰ প্ৰচাৰত সুৰা ! বনমন্ত্ৰীৰ সমষ্টিত অবৈধ  জব্দ সুৰা

0
224
অসমৰ বন পৰিৱেশ তথা আৱকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যেৰ গৃহ সমষ্টি ধলাই বিধানসভাৰ জনৈক বিজেপি পঞ্চায়ত প্রার্থীৰ প্রচাৰত ব্যবহাৰ কৰাৰ বাবে এখন মিনিট্রাক সহ ২০ কাৰ্টুন অবৈধ মদ আটক কৰি ভাঙি পেলালে অঞ্চলবাসীয়ে। ঘটনাটো ঘটিছে সোমবাৰে নিশা প্ৰায় ৯ বজাত। জনা গৈছে, বনমন্ত্রী পৰিমল শুক্লবৈদ্যেৰ গৃহ অঞ্চল ধোৱাৰবন্দৰ এখন ৱাইন চপৰ পৰা সেই মদ  সুদিপ কুমাৰ নামৰ জনৈক পঞ্চায়ত প্রার্থীৰ প্রচাৰৰ বাবে লৈ যোৱাৰ সময়তে অঞ্চলবাসীয়ে জব্দ কৰে।
সোধাপোচাৰ সময়ত গাড়ি চালকে স্বীকাৰ কৰিছে, সেই অবৈধ মদ সমুহ বিজেপি প্রার্থী সুদিপ কুমাৰৰ বাবে লৈ যোৱা হৈছিল। উপস্থিত জনতাই পিচত মদৰ বটল সমুহ ট্রাকৰ পৰা নমাই ভাঙি পেলাই । গাড়ি সহ চালকক স্থানীয় আৰক্ষীক  চমজাই  দিয়ে স্থানীয়ে ৰাইজে। 
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here