*** সহযাত্ৰী ***, খণ্ড-‘ন’

0
108

*** সহযাত্ৰী ***

 (ন)

……………….লিখকঃ আৰ কে বেজবৰুৱা , বালিপাৰা…………..
মিঙিমাহা টিলোৱাৰ টিঘিলঘিলনিত চন্দ্ৰকান্ত অতিস্থ হৈছিল। কিন্তু কৰিবলৈ তেওঁৰ হাতত একো নাছিল। বদনচন্দ্ৰৰ বিষয়ে বহুতে বহুত কলেও, আভাৰ ৰজাৰ দূৰাকাঙ্খা এটা সেই সময়ত সক্ৰিয় হৈ আছিল।
সেয়া হৈছে – সাম্ৰাজ্যৰ বিস্তৃতি। চন্দ্ৰকান্ত নিজৰ সুৰক্ষাৰ বাবে শান্তি বিঘ্নিত হ’ল। মিঙিমাহা টিলোৱাই কেতিয়া তেওঁক হত্যা কৰে, ঠিক নাই। জীৱন থাকিলেহে দেশ ৰক্ষা কৰিব পাৰিব। গতিকে ১৮২১ চনৰ কোনোবা এদিন শিৱ দৌলত পূজা দিয়াৰ চলেৰে চন্দ্ৰকান্তই পলায়ন কৰিলে।
চন্দ্ৰকান্তক বিচাৰি মিঙিমাহা টিলোৱাই সৈন্য পঠিয়ালে । খালী হাতে সৈন্য উভটি আহিল। চন্দ্ৰকান্ত পলাই কলিকতা পালেগৈ। মানে যোগেশ্বৰ সিংহক ১৮২১ চনত সিংহাসনত বহুৱালে।
ইফালে চন্দ্ৰকান্তৰ চকুত টোপনি নাই। মাজ ৰাতি সপোন দেখি সাৰ পাই উঠে। সৰ্গদেওৰ আত্মা বোৰে আহি চিঞৰি চিঞৰেঃ” আমাৰ হাড় কেইডাল চুৱা কৰিব নিদিবি! দেশ খন বচা!” 
নিজৰ মান সন্মান সকলো গ’ল। হলেও দেশ খন বচাবই লাগিব। তেওঁ নামনি অসমত ঘূৰিবলৈ ধৰিলে। আগৰ যি দুই এজন আহোম যুজাৰু আছিল, তেওঁলোকলৈয়ো গোপনে খবৰ পঠিয়ালে সৈন্য গোটাবলৈ। বহু সৈন্য স্বতঃস্ফুত ভাবে আগবাঢ়ি আহিল! অস্ত্ৰ-শস্ত্ৰ গোটাই যুদ্ধৰ আখড়া কৰিলে। সকলো হোৱাত চন্দ্ৰকান্ত সাজু হ’ল। 
আৰু অসমৰ স্বাধীনতা পুনৰ ঘূৰাই আনিবলৈ চন্দ্ৰকান্ত সিংহই ১৮২২ চনৰ জুন মাহত হাদিৰা চকীত মানৰ লগত জীৱন-পণ ৰণ ঘোষণা কৰিলে। কিন্তু দুৰ্ভাগ্যই চন্দ্ৰকান্ত আৰু অসমক প্ৰতাৰণা কৰিলে।  চন্দ্ৰকান্তই দুখজনক ভাৱে হাদিৰা চকীৰ ৰণত হাৰ মানিব লগীয়া হ’ল।
অসমখন মান সাম্ৰাজ্যৰ এখন প্ৰদেশত পৰিণত হ’ল । 
এই ঘটনাৰ পাছত অসমৰ বুকুত এক সুদূৰ প্ৰসাৰী ঘটনা প্ৰবাহিত হবলৈ ধৰে।
অসমত মানে আধিপত্য বিস্তাৰ কৰাৰ লগে লগে পাহাৰীয়া জনজাতিৰ ওপৰতো অত্যাচাৰ কৰিবলৈ ধৰিলে। তাতেই ক্ষান্ত নাথাকি বৃটিছ সাম্ৰাজ্যতো মাজে মাজে উপদ্ৰৱ কৰিবলৈ ধৰিলে।
প্ৰথম অৱস্থাত এই ঘটনাত বৃটিছে বিশেষ মনোযোগ দিয়া নাছিল। কিন্তু পিছলৈ মনবোৰ বৃটিছৰ মুৰ কামোৰণি হবলৈ ধৰিলে।
বৃটিছ ভাইচৰয়ে কথাটো অন্য ৰকমে ভাবিবলৈ বাধ্য হ’ল।
ক্ৰমশঃ
পৰৱৰ্তী খণ্ড –৩ এপ্ৰিল,১৯ (বুধবাৰ)

LEAVE A REPLY

Please enter your comment!
Please enter your name here