৩ মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

0
43

NEWS DESK, NE INDIA: শুকুৰবাৰৰ পৰা শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে । যাৰ বাবে বন্ধ কৰি ৰখা হৈছে দলং  খনৰযাতায়ত ব্যৱস্থা । আগন্তুক ৩ মাহলৈকে দলং খনৰ মেৰামতিৰ কাম চলি থাকিব । উত্তৰ সীমান্তৰ ৰে’লৱে আৰম্ভ কৰিছে দলং খনৰ মেৰামতিৰ কাম । 

উল্লেখ্য যে যাতায়ত ব্যৱস্থা সুচলৰ বাবে শৰাইঘাটৰ নতুন দলঙৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু শুকুৰবাৰৰ পৰা পুৰণি শৰাইঘাট দলঙৰ মেৰামতি কাম আৰম্ভ কৰাৰ বাবে দলং খন বন্ধ ৰখা হৈছে । যাৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে । এখন দলঙৰে যাতায়ত কৰিব লগীয়া হোৱাৰ বাবেই সৃষ্টি হৈছে ব্যাপক যান-জঁট ।

https://youtu.be/5RJzBT7KgWo

LEAVE A REPLY

Please enter your comment!
Please enter your name here