ৰাজদীপৰ বাবে কাটিগড়াৰ জনসভাত ভাগ লব মুখ্যমন্ত্রীয়ে 

0
42
আগন্তুক সময়ত কাটিগড়ালৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্রী সর্ব্বানন্দ সোণোৱাল । শিলচৰ লোকসভা আসনৰ বিজেপি প্রার্থী ৰাজদীপ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰ্চাৰ চলাব মুখ্যমন্ত্ৰীয়ে । মঞ্চ সাজু । বিত্তমন্ত্ৰী  হিমন্তৰ ভ্ৰমণৰ পিচত মঙ্গলবাৰে বৰাক উপত্যকাৰ কাটিগড়াত এক নির্বাচনী জনসভাত  যোগ দিব ৰাজ্যৰ মুখ্যমন্ত্রী সর্ব্বানন্দ সোণোৱালে । জনসভা খন অনুষ্টিত হব কাটিগড়া মডেল হাচপাতালৰ খেলপথাৰত । যাৰ বাবে  তৈয়াৰ কৰি তোলা হৈছে বিশাল মঞ্চ । জনা গৈছে  দুপুৰীয়া ১২ বজাত  অংশ লব মুখ্যমন্ত্রীয়ে ।  মুখ্যমন্ত্রীৰ উপস্থিতিৰ খৱৰে  উৎসাহিত কৰি তুলিছে কাটিগড়াৰ বিজেপি কর্মী সমর্থকক । মুখ্যমন্ত্রীৰ ভ্ৰমণে ভোটাৰৰ মন জয় কৰিব বুলি দাবী কৰিলে বিধায়ক অমৰ চাঁ‌ন্দ জৈনে । লগতে তেওঁ‌  কলে বিৰোধী দলৰ পৰা ১৫ হাজাৰ ভোটত লিড লৱ বিজেপি প্রার্থী ৰাজদীপ ৰায়ে । মুখ্যমন্ত্রীৰ ভ্ৰমণক ঐতিহাসিক আখ্যা দি, যুৱ মর্চাৰ সভাপতি বাবলা দেৱে দাবী কৰে জনসভাত  ২০ ৰ পৰা ২৫ হাজাৰ লোকৰ সমাগম ঘটিব ।
প্ৰতিবেদক কালাইন , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here