হাইলাকান্দিত পঞ্চায়ত ভিত্তিক CM কাপ ফুটবল প্রতিযোগিতাৰ প্রস্তুতি 

0
110
তৃণমূল স্তৰৰ ফুটবলাৰ সন্ধান কৰা উদ্দেশ্যে অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ উন্নয়ন মন্ত্ৰালয়ে চলিত ফেব্রুৱাৰী মাহত হাইলাকান্দি ত  ১৭ বৰ্ষৰ অনুৰ্ধ চিএম কাপ গাওঁ‌ পঞ্চায়ত ভিত্তিক ফুটবল প্রতিযোগিতা আয়োজন কৰিব বুলি জনাইছে জিলা প্রশাসনক। এই সন্ধৰ্ভত শনিবাৰে আবেলি জিলা উপায়ুক্ত কার্যালয়ত অনুষ্ঠিত এক প্রস্তুতি বৈঠকত সভাপতিত্ব কৰে ডিডিচি অমলেন্দু ৰায়ে। এই  বৈঠকত জিলা ক্রীড়া বিষয়া ঝিমলি বৰাই  এই প্রতিযোগিতাৰ বাবে ৬ লাখ  ১১ হাজাৰ টকা ব্যয়ৰ বাজেট দাখিল কৰে। এই প্রস্তাৱ গুৱাহাটি ৰ সংশ্লিষ্ট বিভাগৰ সঞ্চালকৰ ওচৰলৈ পঠিয়াৰ সিদ্ধান্ত লোৱা হয়। পিচপৰা গাওঁ‌ অঞ্চলৰ পৰা সুদক্ষ  ফুটবলাৰৰ সন্ধান কৰিবলৈ জিলা প্রশাসন আৰু প্ৰতি মুহুৰ্তে সচেষ্ট বুলি জনালে ডিডিচি অমলেন্দু ৰায়ে। সভাত হাইলাকান্দিৰ চক্র বিষয়া ত্রিদীৱ ৰায় সহ শিক্ষা বিষয়া আৰু অন্যান্য বিষয়ববীয়া  উপস্থিত আছিল। 
প্রদীপ্ত পুরকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here