সোণাৰিৰ পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

0
213
সোণাৰিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰপৰা বঞ্চিত হৈছে চাৰিগৰাকী শিক্ষাৰ্থী । দিব্যলতা আইডিয়েল একাডেমীৰ মুৰব্বীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে পৰীক্ষাৰ্থীয়ে নাপালে এডমিট । পৰীক্ষাৰ্থী কেইগৰাকীৰ নাম অনিচ নেৱাৰ (কলা শাখা), ৰাহুল নেওগ (বাণিজ্য শাখা) উপেন দাস (কলা শাখা), বিনোদ লাহন (কলা শাখা) ।‌
পৰীক্ষাৰপৰা বঞ্চিত শিক্ষাৰ্থী-অভিভাৱক শিক্ষানুষ্ঠানখনত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে পৰিচালন সঞ্চালক তথা স্বত্বাধিকাৰী বিশ্বজিৎ বৰুৱাক । কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ নমাই আনিছে অন্ধকাৰ ।
অভিজিৎ ভূঞা, চৰাইদেউ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here