*** সহযাত্ৰী ***, খণ্ড-‘দহ’

0
81

*** সহযাত্ৰী ***

(দহ)

……………….লিখকঃ আৰ কে বেজবৰুৱা , বালিপাৰা…………..
” Mr. David Scot, ESQ.
  Commissioner,
  Rangpur.
  Sir,
  I am pleased to appoint you, as the representative of the Governor Genral of India in North East Borders. You have to look after the the North Eastern Region, the activities of Maan……………………...
                                            Regards
                    Governor General of India. “
ডেভিদ স্কটে গৱৰ্নৰ জেনেৰেলৰ চিঠিখন পঢ়ি এক আত্ম সন্তুষ্টিৰ হাঁহি মাৰিলে। তেওঁ বুজিছিল ৰংপুৰত তেওঁৰ গুৰুত্ব কি!
সেয়া ১৮২৩ চনৰ ডিচেম্বৰ মাহ। তাৰ আগতে ইতিমধ্যে নবেম্বৰ মাহত মান সৈন্যই  চিতাংগ সীমাত থকা শ্বাহপুৰি দ্বীপটো নিজৰ দখললৈ নিছিল। স্কটে জানে, লাহে লাহে মানে বৃটিছ সাম্ৰাজ্যতো হাত দিয়াৰ পৰিকল্পনা কৰিছে। পৰিস্থিতিৰ গুৰুত্ব বুজি তেওঁ গৱৰ্ণৰ জেনেৰেললৈ চিঠি এখন লিখিলেঃ
“Your Excellency,
মহামহিম, ইতিমধ্যে মান সেনাই আমাৰ দেশৰ সীমান্তত উপদ্ৰৱ কৰিবলৈ ধৰিছে। সিহঁতে খুব কম সময়ৰ ভিতৰতে বংগত আক্ৰমণ চলোৱাৰ সম্ভাৱনা মই দেখিছোঁ। বংগত আক্ৰমণৰ বাবে সিহঁতৰ সন্মুখত এটা নহয়, তিনিটাকৈ পথ খোলা আছে।
এক – মনিপুৰৰ পৰা টিপৰাই হৈ, 
দুই – অসমৰ পৰা কাছাৰ আৰু জয়ন্তীয়া পাহাৰ বগাই,
তিনি – ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি।
যদিহে মানে জলপথ ব্যৱহাৰ কৰে, তেন্তে আমাৰ পক্ষে সিহঁতক প্ৰতিহত কৰা কঠিন হৈ পৰিব।
ইওৰ এক্সেলেঞ্চি, সময় থাকোতেই আমি মান অধিকৃত অসমত অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত।”
ডেভিদ স্কটৰ চিঠিখন লৰ্ড আমহাৰ্ষ্টে কেইবাবাৰো পঢ়িলে। কি কৰিব-নকৰিব, তেওঁ একো সিদ্ধান্ত ল’ব পৰা নাছিল। সঁচা কথা কবলৈ গ’লে, অসমৰ ওপৰত আক্ৰমণ কৰাৰ অভিপ্ৰায় লৰ্ড আমহাৰ্ষ্টৰ নাছিল। মানৰ বিপক্ষে যুদ্ধ কৰাৰ অৰ্থ – আহোম ৰাজ্য আক্ৰমণ। কিন্তু ডেভিদ স্কটেও জোক লগা দি লাগি আছিল। ইয়াৰ আগতেও স্কটে কেইবাবাৰো অসম অধিকাৰ কৰাৰ কথা তেওঁক কৈছিল। কিন্তু সাপ, বেং, পানীৰ ৰাজ্য – অসমত তেওঁৰ কোনো আকৰ্ষণ নাই।
সিদিনা সন্ধিয়াটো তেওঁ কাকো একো নকলে। মাত্ৰ নিজৰ মাজতে গুণাগঁথা কৰি থাকিল। 
পিছদিনা ৰাতিপুৱাই লৰ্ড আমহাৰ্ষ্টে, লেফটেনেণ্ট কৰ্ণেল জৰ্জ মেক মোৰেঁক তেওঁৰ অফিচলৈ মাতি পঠিয়ালে। দৌৰা দৌৰিকৈ মেক মোৰেঁ আহি গৱৰ্ণৰ জেনেৰেলক অভিবাদন জনালেঃ 
” গুড মৰ্ণিং ইওৰ এক্সেলেঞ্চি!”
” গুড মৰ্ণিং! কাম ইন!”
” তোমাৰ লগত কিমান চ’লজাৰ আছে?”
” দুই প্লেটুন, ইওৰ এক্সেলেঞ্চি!” – মোৰেঁ নম্ৰভাবে কলে।
” কেন ইউ ৱাক টু নৰ্থ ইষ্ট বোৰ্ডাৰ টু ফাইট উইথ দা বাৰ্মীজ চ’লজাৰ ?”
” ইয়েচ চাৰ!”
” দেন বি ৰেডি!”
১৮২৪ চনৰ ৫ মাৰ্চ। লৰ্ড আমহাৰ্ষ্টে আভাৰ ৰজা তথা অসমত থকা মান সৈন্যৰ বিৰুদ্ধে লেফটেনেণ্ট কৰ্ণেল জৰ্জ মেক মোৰেঁক যুদ্ধৰ বাবে ৰাওনা হবলৈ আদেশ পঠিয়ালে।
বৃটিছৰ সৈন্যই ১৩ মাৰ্চত গোৱালপাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰি, ২৮ মাৰ্চত গুৱাহাটীত উপস্থিত হ’ল। তাৰ মাজতে ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে দুই এখন চেগাচোৰোকাকৈ যুদ্ধ হৈছিল। যুদ্ধৰ সেনাপতি আছিল, কেপ্তেইন স্নেইড। স্নেইডক মান সেনাই বিশেষ প্ৰতিৰোধৰ চেষ্টা নকৰিলে। কাৰণ, লাহে লাহে মান সৈন্য গুৱাহাটীৰ পৰা পশ্চাদগামী হৈছিল। 
অসমত যুদ্ধৰ ব্যস্ততাৰ মাজতেই জৰ্জ মেক মোৰেঁ কলেৰাৰ দ্বাৰা আক্ৰান্ত হৈ পৰিল। লগত ইংলেণ্ডৰ পৰা লৈ অহা ঔষধখিনি ইতিমধ্যে শেষ হৈছিল। কেইবাদিনো তেজ হাগনি কৰি আৰু বটিয়া বটিয়াই অচিন মুলুক অসমত, লেফটেনেণ্ট কৰ্ণেল জৰ্জ মেক মোৰেঁই মৃত্যুৰ সহযাত্ৰী হ’লহি। সেয়া ১৮২৪ চন। মে মাহ। 
লৰ্ড আমহাৰ্ষ্টে লগে লগে লেফটেনেণ্ট কৰ্ণেল আলফ্ৰেড ৰিচাৰ্ডক মোৰেঁৰ স্থান পূৰণৰ বাবে পঠিয়াই দিলে।
গুৱাহাটী, ৰহা,নগাঁও দখল কৰিবলৈ বৃটিছে বেছি কষ্ট কৰিব লগীয়া নহ’ল।
লাহে লাহে অসমৰ নদ নদীসমূহ বৰষুণৰ পানীৰে উপচি পৰিছিল। অসমত বাৰিষাৰ তেতিয়া পূৰ্ণ পয়োভৰ। । সেয়ে দুয়ো পক্ষৰ পৰা যুদ্ধবিৰতি মানি লোৱা হ’ল।
সকলোৰে অলক্ষিতে অসমৰ ভৱিষ্যতত তিনিটা দুষ্ট গ্ৰহই ভূমুকি মাৰিছিল। সেই গ্ৰহই আহোম ৰাজ্যক অন্য দিশে গতি কৰাবলৈ আগবাঢ়িছিলঃ
এক – হাদিৰা চকীৰ শেষ ৰণত চন্দ্ৰকান্ত সিংহৰ লগতেই আহোমৰ স্বাধীনতাৰ স্পৃহা সমাপ্ত হৈছিল।
দুই – ৰামসিংহই প্ৰশংসা কৰা, লাচিতৰ আহোম ৰাজ্যৰ মানুহ চিৰকালৰ বাবে সোৰোপা, কানীয়া জাতি এটালৈ অৱনমিত হবলৈ আৰম্ভ কৰিছিল।
তিনি – অসম এনেকুৱা এটা জাতি, যি নিজে একো নজনাকৈয়ে, প্ৰত্যক্ষ যুদ্ধৰ পৰা বহু যোজন আঁৰত থাকিয়ো দুখন শত্ৰু দেশৰ চুক্তিৰ কেন্দ্ৰবিন্দু হিচাপে দুশ বছৰলৈকে পৰাধীনতাৰ শিকলি পিন্ধিব লগীয়া হৈছিল। তাৰ পিছতো, অসমৰ স্বাধীনতাৰ স্বপ্ন  কেৱল মাত্ৰ স্বপ্ন হৈয়েই থাকিল।
ক্ৰমশঃ
পৰৱৰ্তী খণ্ড –৩ এপ্ৰিল,১৯ (বুধবাৰ)

LEAVE A REPLY

Please enter your comment!
Please enter your name here