*** সহযাত্ৰী ***    ( খণ্ড- এঘাৰ)

0
46

*** সহযাত্ৰী ***

     (এঘাৰ)

……………….লিখকঃ আৰ কে বেজবৰুৱা , বালিপাৰা………….
নৱেম্বৰ মাহত এইবাৰ পুনৰ যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিলে বৃটিছে। তীব্ৰ খাদ্য সংকটত পৰিছিল মান সৈন্য। সিহঁতে পূৰ্বতে কৰি থোৱা অত্যাচাৰৰ বাবে অসমৰ কোনো মানুহেই সিহঁতৰ প্ৰতি সহানুভূতি দেখুওৱা নাছিল। অভাৱ হৈছিল সৈন্যবলৰ। বন্দুক বাৰুদেৰে সজ্জিত বৃটিছৰ এমুঠিমান সৈন্যৰ বিৰুদ্ধে যুঁজিবলৈ মানসেনাৰ শক্তি কম পৰিছিল। মিঙিমাহা বাণ্ডুলাই আভা লৈ খবৰ পঠিয়াইছিল যদিয়ো আভাৰ পৰা কোনো সমিধান অহা নাছিল। তাৰ মাজতেই কিছুমান সেনাই মিঙিমাহাৰ আদেশ উলঙ্ঘা কৰি আভালৈ প্ৰত্যাৱৰ্তনৰ কথা চিন্তা কৰিছিল। সেই বাবেই, মিঙিমাহা বাণ্ডুলাৰ পক্ষে, কেপ্তেইন স্নেইডৰ সৈতে মুখামুখি হ’বলৈ সাহস আৰু সামৰিক প্ৰস্তুতি পৰ্য্যাপ্ত নাছিল। কেৱল পশ্চাদপসৰণেই  আছিল মান সৈন্যৰ সন্মুখত উন্মুত্ত একমাত্ৰ পথ।
বৃটিছ আগবাঢ়ি গৈছিল, মান পিছুৱাই গৈছিল। কোনেও কাকো দেখা নাছিল। কেৱল খবৰ পাইছিল মানে – ইংৰাজ আগুৱাই আহি আছে। বৃটিছে দেখিছিল – সন্মুখত কোনো প্ৰতিৰোধ নাই ; গতিকে আগুৱাই গৈ থাকিল।
এনেকৈয়ে ১৮২৫ চনৰ মাৰ্চ মাহ পালেহি। মান সৈন্যই ৰংপুৰ এৰি থৈ গ’ল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানৰ কৱলৰ পৰা মুক্ত হ’ল।
এই যুদ্ধত অসমৰ কোনো মানুহ জড়িত নহ’ল। আনকি পূৰ্বৰ কোনো আহোম ডাঙৰীয়া, বিষয়ায়ো না মানৰ লগহৈ বৃটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিল না বৃটিছক সহায় কৰিবলৈ ওলাই গ’ল। সকলোৱে নিশ্চিন্ত হৈ হাত সাৱটি বহি থাকিল- “কোনে কি কৰে কৰকচোন “। নিয়মানুসৰি ৰংপুৰৰ পৰা মান সেনা আঁতৰি যোৱাৰ লগে লগে অসমৰ ওপৰত বৃটিছৰ অধিকাৰ সাব্যস্ত হৈ পৰিল।
এইবাৰ গৱৰ্ণৰ জেনেৰেল আমহাৰ্ষ্টৰ পৰাও সংকেট আহিল – মাৰ্চ ফৰৱাৰ্ড!
বৃটিছ সৈন্য আগবাঢ়ি গৈ থাকিল। কিন্তু আৰাকাণত মান সেনাই ফেপেৰি পাতি ধৰিলে। পাহাৰীয়া অঞ্চলত বৃটিছ সৈনিকে যুদ্ধ কৰিবলৈ অসুবিধা পালে।  নিগনি আৰু মেকুৰীৰ খেল চলিল কিছুদিন। যুদ্ধ,সমাপ্ত নহ’ল। ১৮২৫ চনৰ মাৰ্চ মাহ পাৰ হৈ এপ্ৰিলত সোমাল। মান সেনা পিছুৱাবলৈ বাধ্য হ’ল।
এইবাৰ মণিপুৰ। মণিপুৰত প্ৰথম অৱস্থাত মানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এদিন অতৰ্কিতে বৃটিছ সেনাৰ বন্দুকৰ পৰা গুলী এটা আহি মিঙিমাহা বাণ্ডুলাৰ গাত লাগিল । মিঙিমাহাৰ শৰীৰৰ ৰক্ত-ক্ষৰণ বন্ধ কৰিবলৈ যথেষ্ট সময়ৰ দৰকাৰ হ’ল। তাৰ পিছতো ঘাঁ শুকোৱাৰ নাম নলয়। তাৰ পৰিবৰ্তে বাঢ়িবলৈহে ধৰিলে।
মিঙিমাহাৰ শৰীৰ ক্ৰমে অৱশ হবলৈ ধৰিলে। কিন্তু এই খবৰ বৃটিছে পোৱা নাছিল। সেই এপ্ৰিল মাহতেই মিঙিমাহা বাণ্ডুলাৰ উশাহ এদিন স্তব্ধ হৈ পৰিল। মান সৈন্যৰ মনোবল কমি গ’ল । শেষত মানে মণিপুৰ এৰিবলৈ বাধ্য হ’ল। সেয়া ১৮২৬ চনৰ জানুৱাৰী মাহ।
বৃটিছ সেনাই তীব্ৰ গতিত মান সৈন্যৰ পিছে পিছে খেদি গ’ল আৰু ৰেঙ্গুণ পালেগৈ।
সিদিনা বৃটিছ সৈন্যবাহিনী ইৰাৱতী নদীৰ পাৰত উপস্থিত হৈছিল। আভাৰ ৰজাৰ নিৰ্দেশ মতে সেনাপতি মিঙিমাহা বাণ্ডুলাৰ অভাৱ লাৰজেন মিওনজা ওংহিয়ে পূৰণ কৰিছে। নিজৰ ভাগ্য পৰীক্ষাৰ বাবেই লাৰজেন মিওনজা ওংহিয়ে প্ৰাণ পণে বৃটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে। বৃটিছেও পূৰ্ণ প্ৰস্তুতিৰে যুদ্ধক্ষেত্ৰত দপদপাই আছে। 
যি ঠাইত বৰ্তমান যুদ্ধ হৈ আছে , তাৰ পৰা মাত্ৰ চাৰিদিন খোজ কাঢ়ি গলে আভা পোৱা যায়। এই আভাত আছে মান ৰজা ৱাদাপায়া। ৱাদাপায়াৰ সুৰক্ষাৰ কথাও চিন্তা কৰিব লাগিব। লাৰজেনৰ মনত বিভিন্ন ধৰণৰ চিন্তা। কি কৰিব, কি নকৰিব সেইটো নিশ্চিত নহয়। তথাপিও যুদ্ধ কৰি আছে।
ইৰাৱতী তাৰ সাক্ষী। লাৰজেনে জিকাৰ সংকল্প লৈছে যদিয়ো, বৃটিছ সৈন্যৰ গুলীত এটা দুটাকৈ মান সৈন্য ঢলি পৰি গৈ আছে। বেলি তেতিয়া ডুবু ডুবু। যুদ্ধক্ষেত্ৰ, তেজেৰে ৰাঙলী হৈছে আৰু ইৰাৱতী, অস্তগামী সূৰ্য্যৰ শেষ আভাত ৰাঙলী হৈ উঠিছে। লাৰজেনৰ বুজিবলৈ বাকী নাই যে তেওঁৰ পৰাজয় নিশ্চিত। হঠাতে তেওঁ বগা পতাকা ডাঙি যুদ্ধক্ষেত্ৰৰ মাজত স্থিৰ হৈ ৰৈ গ’ল।
সেয়াই আছিল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। ইৰাৱতী নদীত ডুবন্ত বেলিৰ সৈতে ডুব গৈছিল অসমৰ স্বাধীনতা চিৰদিনৰ বাবে !
ক্ৰমশঃ
পৰৱৰ্তী খণ্ড –১৭ এপ্ৰিল,১৯ (বুধবাৰ)

LEAVE A REPLY

Please enter your comment!
Please enter your name here