সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা

0
69

 

দৰং জিলাৰ মঙলদৈৰ বাঘপাৰি গাওঁ‌ । হিন্দু মুছলমান আদি বিভিন্ন ধৰ্মালম্বী লোকে যুগ যুগ ধৰি শান্তি সম্প্ৰীতিৰে বাস কৰি আহিছে এই অঞ্চলত । হিন্দুৰ দুৰ্গা পুজা , ষট পুজা , মুছলমানৰ ঈদ আদিত সকলো ধৰ্মালম্বীয়ে শান্তি সম্প্ৰীতি ভাগ লৈ আহিছে । 

কিন্ত এনে সম্প্ৰীতিত আউল লগাবলৈ একাংশই বৃথা চেষ্টা চলাইছে । হিন্দু ধৰ্মালম্বীৰ পবিত্ৰ চড়ক পুজা উপলক্ষে ধৰ্মপ্ৰাণ ৰাইজে পবিত্ৰ মনেৰে পুজা ভাগ কৰিবলৈ সাজু হৈছিল । কিন্ত এচাম ভুৱা তান্ত্ৰিক কাৰচাজি ফলশ্ৰুতিত পুজাৰ আনন্দ ম্লান পৰে । ঘটনাটো শনিবাৰ নিশাৰ । পুজাৰ প্ৰস্তুতিত সকলো ব্যস্ত আছিল । 
নিশা মুছলমান ধৰ্মালম্বীৰ বসতি প্ৰধান বাঘপাৰি গাওঁ‌ৰ কবৰ স্থানত এচাম দুস্কৃতি কাৰীয়ে কবৰ খান্দিবলৈ আৰম্ভ কৰে । স্থানীয় দুজন মান লোকৰ ঘটনা টো দৃষ্টিগোচৰ হোৱাত আগবাঢ়ি গৈ কবৰ খান্দি থকা কেইজন মানক কৰায়ত্ব কৰে যদিও দুজন পলাই সাৰে । প্ৰত্যক্ষ কৰে খন্দা খবৰ শৱটোৰ লাওখোলা নাই । 
 আৰক্ষীক খৱৰ দিয়াত , আৰক্ষীক উপস্থিত হয় ঘটনাস্থলীত । কৰায়ত্ব কৰা লোক কেইজনক সোধপোচ কৰা তান্ত্ৰিকৰ কথা মতে এই কৰ্ম কৰা হৈছে বুলি স্বীকাৰ কৰে । তান্ত্ৰিকক তলৱ কৰা হয় । তেওঁ‌ ঘটনাটো অস্বিকাৰ কৰে যদিও ,তেওঁ‌ কয়  লাওখোলা এটা তেওঁ‌ৰ ওচৰত আছে লাগে যদি দি দিব । তান্ত্ৰিকে ওভতি গৈ সহকাৰীৰ হাতত এটা লাওখোলা পঠিয়াই দিয়ে । তদন্তত ওলাই পৰে ,কৱৰৰ পৰা খান্দি লৈ যোৱা লাওখোলাটোৱে সহকাৰী জনে লৈ অহা লাওখোলাটো । 
স্থানীয় হিন্দু , মুছলমান সচেতন ৰাইজৰ প্ৰচেষ্টাত বিষয়টো সিমানতে অন্ত পৰে । স্থানীয় প্ৰশাসনে শান্তি সম্প্ৰীতিৰ বজাই ৰখাৰ আহব্বান জনায় । 
তান্ত্ৰিকৰ এনে কৰ্ম আগলৈ নকৰিবলৈ হিন্দু সমাজৰ সচেতন ৰাইজে সকিয়নি প্ৰদান কৰে । সচেতন ৰাইজৰ প্ৰচেষ্টাত বিষয়টোৱে সাম্প্ৰদায়িক ৰুপ লব নোৱাৰিলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here