শ্ৰীশান্তৰ আজীৱন নিষেধাজ্ঞাত ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ

0
57

SPORTS DESK, NE INDIA : ভাৰতীয় টীমৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তৰ বিৰুদ্ধে বিচিচিআই লগোৱা আজীৱন নিষেধাজ্ঞাৰ ক্ষেত্ৰত শুনানি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে থকা আজীৱন নিষেধাজ্ঞা উঠায় লয় । উল্লেখ্য যে উচ্চতম ন্যায়লয়ৰ ৰায়ৰ পিছতো বিচিচিআইয়ে শ্ৰীশান্তৰ নিষেধাজ্ঞা উঠায় লোৱা নাই । উচ্চতম ন্যায়ালয়ে বিচিচিআইক খেলুৱৈ গৰাকীৰ বিৰুদ্ধে
থকা আজীৱন নিষেধাজ্ঞাৰ ক্ষেত্ৰত পুনৰ বিচাৰ কৰিবলৈ নিৰ্দেশ দিছে । তদুপৰি ন্যায়ালয়ে বিচিচিআইক খেলুৱৈ গৰাকীৰ ক্ষেত্ৰত ৩ মাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে । শ্ৰীশান্তক আইপিএলত মেছ ফিক্সিঙৰ বাবে বিচিচিআইয়ে আজীৱন নিষেধাজ্ঞা লগাইছিল । কিন্তু ন্যায়ালয়ে খেলুৱৈ গৰাকীৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা অধিক শাস্তি বুলি শুকুৰবাৰে নিষেধাজ্ঞা উঠায় লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here