শাৰিৰীক ভাৱে সক্ষম সকলক ভোটদানৰ প্ৰতি উৎসাহিত কৰিবলৈ আহব্বান জিলা উপায়ুক্তৰ

0
37
আসন্ন লোকসভা নির্বাচন উপলক্ষে দেশৰ অন্যান্য অংশৰ লগতে কাছাৰ জিলাতো শাৰিৰীক ভাৱে সক্ষম ভোটাৰ সকলে তেওঁ‌লোকৰ মৌলিক অধিকাৰ ভোটদান সাব্যস্ত কৰিব । ৰাজ্যিক নির্বাচন আয়োগে গুৱাহাটিৰ  শিশু সাৰথি স্বেচ্ছাসেৱী সংগঠনক জড়িত কৰি জিলা নির্বাচনী কার্যালয়ৰ পক্ষৰ পৰা কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ চেক্টর অফিচাৰ,বি.এল.ও আৰু সহ সংশ্লিষ্ট সকলৰ মাজত শাৰিৰীক ভাৱে সক্ষম ব্যাক্তি সকলে যাতে সকলো প্ৰকাৰে তথা অনায়াসে  ভোটদান কৰিব পাৰে তাৰবাবে সচেতনতা কার্যসূচি শুক্রবাৰে শিলচৰৰ জিলা গ্রন্থাগাৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়।
 কাছাৰৰ নির্বাচনী আধিকাৰী তথা জিলা উপায়ুক্ত শ্রীমতী লায়া মাদ্দুৰীয়ে  সচেতনতা সভাত বক্তব্য ৰাখিবলৈ গৈ কয়, সকলো বি.এল.ও ৱে প্রথমে নিজ নিজ অঞ্চলৰ শাৰিৰীক প্রতিবন্ধী ভোটাৰ সকলৰ সংখ্যা,প্রতিবন্ধীৰ প্রকাৰভেদ ইত্যাদি যাৱতীয় তথ্য সংগ্রহ কৰি চেক্টৰ অফিচাৰ সকলৰ সহায় লৈ  সুষ্ঠুভাৱে ভোটদান কৰাৰ বাবে  উৎসাহিত কৰিব লাগিব। ইয়াৰ বাবে  প্রয়োজনীয় যাৱতীয় ব্যাবস্থাদি যেনে হুইলচেয়াৰ, তেওঁ‌লোক বহাৰ উপযুক্ত স্থান তথা তেওঁ‌লোকক সাধাৰণ  ভোটাৰ সকলৰ শাৰীৰ পৰা আতৰাই পৃথকভাৱে অগ্রাধিকাৰ দিয়াৰ বাবে নির্বাচন আয়োগৰ নির্দেশ আছে বুলি জনায়। অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনৰ পক্ষৰ পৰা  শ্রীমতী শ্বাশতী শইকিয়া,তিনিও খন জিলাৰ চেক্টৰ অফিচাৰ,বি.এল.ও সকল । 
 সভাৰ আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত শ্রী এ.আৰ মজুমদাৰে । সভাত বক্তব্য ৰাখে নির্বাচন আধিকাৰী শ্রী সুদীপ নাথে ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here