শতকৰ পৰা বঞ্চিত হীট মেন

0
47

SPORTS DESK, NE INDIA: ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ চতুৰ্থ এদিনীয়া ৰবিবাৰে মোহলীত অনুষ্ঠিত হয় । চতুৰ্থ এদিনীয়াত ভাৰতে ট’ছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় । ভাৰতীয় দলৰ হৈ ইনিংছ আৰম্ভণি কৰিবলৈ আহি অ’পেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধৱনে শৃংখলাটোত প্ৰথমবাৰৰ বাবে দুয়োৰে মাজত শতকীয় ৰাণ সম্পূৰ্ণ কৰিবলৈ আৰম্ভ হয় । আনহাতে ভাৰতীয় ইনিংছক গতি দিয়া ৰোহিত শৰ্মাই শৃংখলাটোত প্ৰথম শতক বনোৱাৰ পৰা বাদ পৰে । ৰোহিত শৰ্মাই  ৯২ টা বলত ৯৫ ৰাণ কৰিবলৈ সক্ষম হয় । শতকলৈ ৫ ৰাণ থকাৰ সময়তে ৰোহিত শৰ্মাই ৩০.৬ অ’ভাৰত জাম্পাৰ বলত ছয় মাৰিবলৈ গৈ নিজৰ উইকেট হেৰুৱাই । আনহাতে দীৰ্ঘদিন দিন ধৰি নিজৰ ফ’ৰ্মক লৈ সংঘৰ্ষ কৰি থকা শিখৰ ধৱনে ১৭ ইনিংছৰ পিছত শৃংখলাটোত শতক বনাবলৈ সক্ষম হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here