মৰণফাঁন্দত পৰিণত মগলগড় সেতু, বিপদত কাটিগড়াৰ  জনগন 

0
60
কাটিগড়া বিধানসভাৰ হাওৰ অঞ্চলৰ জনগনৰ একমাত্র যোগাযোগৰ মাধ্যম মগলগড় সেতু। গুমড়া-চাদিৰখাল গড়কাপ্তানি পথত অৱস্থিত মগলগড় সেতু যেন হৈ উঠিছে মৰণফাঁন্দ। এই সেতুৰে প্রতিদিনে কেবা হাজাৰ লোক আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে চলাচল কৰে। গুমড়া-চাদিৰখাল গড়কাপ্তানি পথৰ মাজত অৱস্থিত এই গুৰুত্বপূর্ণ দলংখন পৰিণত হৈছে মৰণ ফাঁন্দলৈ। মগলগড় সেতুৰ উভয় দিশত আছে বৃহৎ ফাট। এই ফাটে উদঙাই দিছে দায়িত্বপ্রাপ্ত ঠিকাদাৰৰ চুড়ান্ত গাফিলতি। সীমান্তৱর্তী আঠ খন গাওঁ‌ৰ প্রায় ২০ হাজাৰ জনগন আৰু কেবাটাও বিএচএফ শিৱিৰৰ জোৱান সকলে কষ্ট ভোগ কৰিব লগা হৈছে এই মগলগড় সেতুৰ দুৰাৱস্থাৰ বাবে। মগলগড় সেতুৰ তলত আছে লাৰাং খাল।
স্থানীয় লোকসকলৰ অভিযোগ সম্পুৰ্ণ অবৈজ্ঞানিক পদ্ধতিত সেতু নিৰ্মাণ  কৰাৰ ফল ভুগিব লগা হৈছে কেবা হাজাৰ জনতা সহ জোৱান সকলে। এই সেতুৰ আৰু পথৰ আধাৰশিলা স্থাপন  কৰিছিল প্রয়াত কেন্দ্রীয় মন্ত্রী সন্তোষ মোহন দেৱে। সেতু তথা পথ নির্মাণত বহু ঠিকাদাৰ হাত লাগিছিল। কাটিগড়াৰ প্রাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভুঞাৰ পুত্ৰ নাজিৰ হুচেইন মাঝাৰভুঞা, প্রাক্তন আঞ্চলিক পঞ্চায়ত সদস্য আজিৰউদ্দিন বৰভুঞা, মিনহাজ কন্সট্রাকচন তথা সেতুৰ অন্তিম জন ঠিকাদাৰ আছিল শিলচৰৰ জনৈক প্রণয় দেৱ। উল্লেখ্য যে প্রণয় দেৱ কাছাৰ কংগ্রেছৰ নেতা পাপন দেৱৰ ভাতৃ। যিয়ে আগন্তুক বিধানসভা নির্বাচনৰ বাবে কাটিগড়া সমষ্টিৰ প্ৰতি চকু ৰাখিছে।
পথ সহ সেতু নির্মাণত ইমান বোৰ ঠিকাদাৰৰ হাত লাগিলেও ফলাফল কিন্ত শূন্য। বিগত লোকসভা নির্বাচনৰ পুৰ্বে বর্তমানৰ সাংসদ সুস্মিতা দেৱে অঞ্চলবাসীক আশ্বাস দিছিল। কৈছিল বিজয়ী হলে তেওঁ‌ৰ পিতৃ সন্তোষ মোহন দেৱৰ সপোনৰ গুমড়া-চাদিৰখাল গড়কাপ্তানি পথৰ কামৰ গুণগত মান উন্নত কৰিব। কিন্তু দেখা গেল নির্বাচনত জয়ী হোৱাৰ পিচত পথ তথা সেতুৰ কামৰ চুড়ান্ত অৱনতি ঘটিছে। সাংসদ দেৱৰ সুদৃষ্টি নপৰিল মগলগড় সেতুৰ ওপৰ্ত। মগলগড় সেতুক লৈ কাটিগড়াৰ হাওৰ অঞ্চলৰ জনগনৰ আৰ্তনাদে সাংসদ সুস্মিতাৰ অন্তৰ নকপালে । আগন্তুক লোকসভা নির্বাচনত ভোটৰ বাকচত অঞ্চলবাসীয়ে ইয়াৰ মোক্ষম জবাৱ দিব পাৰে বুলি আভাষ পোৱা গৈছে।
নিউজ ডেস্ক, চাউথ আসাম ব্যুৰো , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here