মৃন্ময় দেউঘৰীয়াৰ সোণালী যাত্ৰা

0
177

দৰিদ্ৰতা যে উত্তৰণত হেঙাৰ হ’ব নোৱাৰে ইয়াকে  পুনৰবাৰ প্ৰমাণ কৰিলে এইখন অসমৰেই বিভিন্ন প্ৰান্তত বাস কৰা প্ৰতিভাসকলে। চৰাইদেউ জিলাৰ তেনে এটি পৰিয়ালৰ শিশুৰ নাম সম্প্ৰতি চৰ্চালৈ আহিছে। চৰাইদেউ জিলাৰ মাহমৰাৰ এটি প্ৰতিভাৱান কিশোৰ মৃন্ময় দেউঘৰীয়া। দক্ষিণ আফ্রিকাত ২৯ নবেম্বৰৰপৰা ২ ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা কমনৱেলথ কাৰাটেত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মৃন্ময় দেউঘৰীয়াই। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰীৰ নিবাসী বিমান দেউঘৰীয়া আৰু লাকী দেউঘৰীয়াৰ সন্তান মৃন্ময় দেউঘৰীয়াই দক্ষিণ আফ্রিকাৰ ডাৰবানত অনুষ্ঠিত কমনৱেলথ কাৰাটে প্ৰতিযোগিতাৰ চাব জুনিয়ৰ (৪০ কেজি) শাখাত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

আৰ্থিক দুৰৱস্থাকো নেওচি কাকতিবাৰীৰ দৰে অঞ্চলৰপৰা গৈ আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে জিলিকাবলৈ সক্ষম হোৱা এইগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ মৃন্ময় দেউঘৰীয়াৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে চৰাইদেউ জিলাবাসী। দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত  নৱম কমনৱেল্থ কাৰাটে প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পৰা নিৰ্বাচিত আন সাতগৰাকী খেলুৱৈৰ স’তে অংশগ্ৰহণ কৰা গভীৰ আত্মবিশ্বাসী তথা প্ৰতিভাসম্পন্ন মৃন্ময়ে মাত্ৰ ছয় বছৰ বয়সতে ২০১১ চনত সেই সময়ৰ চৰাইদেউ জিলা কাৰাটে সন্থাৰ মুখ্য প্ৰশিক্ষক বাবুল বৰগোহাঁইৰ তত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰি উক্ত বছৰতে ৰঙীয়াৰ কমলপুৰত অনুষ্ঠিত কেৰঞ্জিৎ নাংথাং সোঁৱৰণী পঞ্চম অসমভিত্তিক ছয় বছৰ অনূৰ্ধৰ কাৰাটেত ৰূপ আৰু ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়৷ সেয়াই আৰম্ভণি৷ ইয়াৰ পিছত মাহমৰাৰ জজলী পাঁচ আলিৰ ভাৰত গগৈ, চফ্ৰাইৰ তৰুণ কোঁৱৰ, নাফুকৰ অনন্ত চাংমাইৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি গুৱাহাটী, ডিব্ৰুগড়, মাজুলী, ডিগবৈ, ৰঙীয়া, যোৰহাট, তিতাবৰ, নগাঁৱৰ উপৰি বিভিন্ন ঠাইত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি প্ৰতিখন প্ৰতিযোগিতাতে বহুকেইটা সোণ, ৰূপ আৰু ব্ৰ’ঞ্জৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে৷ তদুপৰি মৃন্ময়ে ২০১৪ বৰ্ষত ঝাৰখণ্ডত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কাৰাটে ফেডাৰেচনে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ উপৰি চলিত বৰ্ষত দিল্লীত অনুষ্ঠিত কাই চাব-জুনিয়ৰ নেচনেল কাৰাটে চেম্পীয়নশ্বিপ প্ৰতিযোগিতাত কুমিটে শাখাত স্বৰ্ণ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ সম্প্ৰতি কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আৰু ভাৰতীয় খেল প্ৰাধিকৰণ কোকৰাঝাৰস্থিত চাগ চেণ্টাৰত প্ৰশিক্ষক যাদৱজ্যোতি ৰাজগুৰুৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা মৃন্ময়ে শেহতীয়াকৈ যোৱা ৯ চেপ্তেম্বৰত তিতাবৰত অনুষ্ঠিত উজনি অসম আন্তঃ জিলা কাৰাটে চেম্পীয়নশ্বীপত কাটা আৰু কুমিটে শাখাত একোটাকৈ সোণ আৰু ব্ৰ’ঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱাটো আন এক সাফল্য৷ উল্লেখ্য যে তেনেই কম সময়ৰ ভিতৰতে সাফল্যৰ সোপান বগাবলৈ সক্ষম হোৱা কণমানি খেলুৱৈ গৰাকী চৰাইদেউ জিলা বা ৰাজ্যখনৰে নহয়, নিঃসন্দেহে দেশৰ এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ৷ কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবেই বহু সময়ত সমস্যাৰ সন্মুখীন হৈছে এই প্ৰতিভাৱান কিশোৰগৰাকী।

ইপিনে বিগত কমনৱেলথ কাৰাটেৰ প্ৰাকমুহুৰ্তত চৰাইদেউ জিলাৰ এটা জাতীয় সংগঠনৰ লগতে সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ বিধায়কদ্বয়ে কিছু সহায় আগবঢ়াইছিল যদিও সেয়া পৰ্যাপ্ত নহয়। এইক্ষেত্ৰত জিলাখনৰ লগতে স্থানীয় ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত তথা অন্যান্য সংগঠন সমূহে যদি কিছু সহায়ৰ হাত আগবঢ়ায় তেনে প্ৰতিভাৱান খেলুৱৈ গৰাকীৰ উত্তৰণত নিশ্চিতভাৱে এক প্ৰেৰণা হিচাপে পৰিগণিত হ’ব৷ ৰাজ্যখনৰ ভিতৰে বাহিৰে কম সময়ৰ ভিতৰতে পঁছিশটাতকৈও অধিক সোণ, ৰূপ আৰু ব্ৰ’ঞ্জৰ পদকেৰে শ্ৰেষ্ঠত্বৰ প্ৰমাণ দাঙি ধৰা কণমানি খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কৃতিত্ব অৰ্জনেৰে ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মাহমৰাবাসীয়ে প্ৰত্যাশা প্ৰকাশ কৰিছে৷

অভিজিৎ ভূঞা, চৰাইদেউ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here