মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ

0
224
মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ কয়লাক্ষেত্ৰত সুদীৰ্ঘ ২০ বছৰে সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত ৩ শতাধিক সুৰক্ষা কৰ্মীৰ বিপৰীতে এক্স আৰ্মীক ক’ল ইণ্ডিয়াই সংস্থাপন দিব বিচৰাক লৈ উত্তাল মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ কাৰ্যালয় । ৩ শতাধিক সুৰক্ষা কৰ্মীয়ে তেওঁলোকৰ সংস্থাপন সুনিশ্চিত কৰাৰ দাবীত মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ কাৰ্যালয় গে’টৰ সন্মুখত অৱস্থান কৰি কৰে এই প্ৰতিবাদ ।
ক’ল ইণ্ডিয়াই এই প্ৰতিবাদী সুৰক্ষা কৰ্মীসকলক আশ্বস্ত কৰিব নোৱাৰিলে তীব্ৰ আন্দোলন হুংকাৰ দিছে । উল্লেখ্য যে কম দৰমহাৰ বিনিময়ত সুদীৰ্ঘ বছৰে ক’ল ইণ্ডিয়াৰ টিৰাপ, নামদাং, টিকক, বৰগোলাই কয়লা ক্ষেত্ৰত নিয়োজিত হৈ আছিল এইসকল স্থানীয় সুৰক্ষা কৰ্মী ।
এক্স আৰ্মীক সুৰক্ষা কৰ্মী হিচাপে ক’ল ইণ্ডিয়াই সংস্থাপন দিয়াত ৩ শতাধিক স্থানীয় সুৰক্ষা কৰ্মীৰ জীৱনলৈ কাল অমানিশা নামি অহাতো নিশ্চিত হৈ পৰাক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে এই প্ৰতিবাদী সুৰক্ষা কৰ্মীসকল । উল্লেখযোগ্য যে জীৱন অৰ্ধেক সময় দিয়া এইসকল সুৰক্ষা কৰ্মীক স্থায়ী সংস্থাপন দিবলৈ উত্থাপন হৈছে ।
শ্যামল নেওগ, মাৰ্ঘেৰিটা, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here