মালিডহৰ আৰক্ষীক অধিক সস্তম কৰাৰ দাবী সুব্ৰত চক্ৰৱৰ্তীৰ

0
281
অসম-মেঘালয় সীমান্তৰ মালিডহৰত এটা স্থায়ী আৰক্ষী চাওঁ‌নি স্থাপন কৰাৰ দাৱি জনাইছে প্রাক্তন জিলা পৰিষদ সদস্য তথা দিগৰখাল সমাজ উন্নয়ন সংস্থাৰ সভাপতি সুব্রত চক্রৱর্তীয়ে। সুব্রত চক্ৰৱৰ্তীয়ে এনই ইন্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনায়, ৬ নম্বৰ ৰাষ্ট্ৰীয় পথৰ দিগৰখালৰ পৰা অসমৰ মালিডহৰ আৰু মেঘালয়ৰ ৰাতাছড়া পর্যন্ত প্রচন্ড যানজটৰ সৃষ্টি হৈ থাকে। গুমড়া আৰক্ষীয়ে সীমিত সংখ্যক কর্মী লৈ এই যানজট নিয়ন্ত্ৰণত নামে যদিও নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়। এই অৱস্থাত মালিডহৰত অসম চৰকাৰৰ পক্ষৰ পৰা এটা স্থায়ী আৰক্ষী চাওনি স্থাপন কৰিলে ৰাষ্ট্ৰীয় পথটো যানজট মুক্ত হৈ থাকিব তথা পশ্চিম কাটিগড়াৰ আইণ শৃঙ্খলা পৰিস্থিতি স্বাভাৱিক হৈ উঠিব। জানুৱাৰী মাহৰ শেষৰ দিশে দিগৰখাল সমাজ উন্নয়ন সংস্থাৰ পক্ষৰ পৰা মূখ্যমন্ত্রী সর্বানন্দ সণোৱালৰে সাক্ষাৎ কৰি স্মাৰকপত্র প্ৰদান কৰা হব।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here