মালিডহৰত অব্যাহত কয়লাৰ চোৰাং কাৰবাৰ!

0
299
কাছাৰৰ আৰক্ষী চুপাৰ বদলি হৈ দায়িত্ব লৈছে মুগ্ধজ্যোতি দেৱমহন্তই। কিন্তু কাছাৰ জিলাৰ মালিডহৰত কয়লাৰ ক’লা বজাৰ আজি পর্যন্ত বন্ধ নহল। ৰাজ্য চৰকাৰৰ জিৰো টলাৰেন্স নীতি মালিডহৰত সম্পুৰ্ণ ভাৱে প্ৰহসনত পৰিনত হৈছে বুলি সচেতন মহলৰ অভিমত।
বিগত কিছু মাহৰ পৰা নিশাৰ অন্ধকাৰত চলিছে কয়লাৰ অবৈধ ব্যৱসায়। কাছাৰৰ পুলিছ চুপাৰ হিচাপে ৰাকেশ ৰৌশনৰ স্থলাভিষিক্ত হৈছে মুগ্ধ জ্যোতি দেৱ মহন্ত।  সচেতন মহলৰ ধাৰণা কৰিছিল কিছু হলেও কয়লাৰ অবৈধ ব্যৱসায়ত বাধা আহিব। আনকি গুমড়া পুলিছ ইনভেষ্টিগেচন চেন্টাৰৰ আইচি হিচাপে ভাস্কৰজ্যোতি দাসৰ স্থলাভিষিক্ত হৈছিল কমলেশ সিং।
নতুন জিলা পুলিছ চুপাৰ তথা গুমড়া পুলিছ ইনভেষ্টিগেচন চেন্টাৰৰ ইনচাৰ্জে দায়িত্বভাৰ গ্রহণ কৰিছে। তথাপি নিশাৰ অন্ধকাৰত ঠিকই অব্যাহত কয়লাৰ অবৈধ ব্যৱসায়। সূত্রমতে বিগত সময়ত অর্থাৎ ৰবিবাৰে নিশা কয়লাৰ অবৈধ ব্যবসায়ীৰে মোটা অংকৰ ধনৰ লেনদেনেৰে প্রায় ৭০ খন ওভাৰ লোডেড ট্রাক মালিডহৰ পাৰ কৰিছে।
চৰকাৰে জিৰো টলাৰেন্স নীতি অৱলম্বন কৰিলেও মেঘালয়ৰ কয়লা অবৈধভাবে বৰাকত প্ৰৱেশ কৰি আহিছে বুলি অভিমত বহুতৰ । নিশাৰ অন্ধকাৰত প্রশাসনৰ সৈতে give & take নীতিৰে  অবৈধ কয়লা ব্যৱসায় অব্যাহত আছে নেকি বুলি প্ৰশ্ন স্থানীয় সচেতন লোকৰ। আগন্তুক দিনত অবৈধ কয়লা ব্যৱসায়ৰ বিৰুদ্ধে অঞ্চলটোৰ সচেতন লোক সকলে আন্দোলন নামিব  পাৰে বুলি জনা গৈছে।
প্রতিবেদক কাটিগড়া, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here