ভাংগাত কৃপানাথৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

0
55
চৌকিদাৰ চুৰ হে’ কংগ্রেছৰ এই কটূক্তিৰ যোগ্য প্ৰত্যুত্তৰ দিলে অসম বিজেপিৰ প্রদেশ কমিটিৰ সহ সভাপতি বিশ্বৰুপ ভট্টাচার্য্যই। সোমবাৰে আবেলি ভাঙ্গা বজাৰত কৃপানাথ মালাহ’ৰ বিজয় সংকল্প সমাবেশত তেওঁ‌ কলে, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে উত্তৰ পূর্বাঞ্চললৈ ৰেল আহিছে। বিভিন্ন আচনিৰ বাবে সাধাৰণ জনগণৰ উন্নয়ন হৈছে। এইসমুহ আচনিৰ সঠিক ৰুপায়ণত প্রধানমন্ত্রী চোকা নজৰ ৰাখিছে। দালালবাজ কংগ্রেছি সকলৰ স্বার্থত আঘাত লাগিছে। সেয়ে পাগলৰ প্রলাপ বকিছে কংগ্রেছ-এআইইউডিএফ দলে।
আনহাতে তেওঁ‌ কলে ব্যক্তি স্বার্থক লৈ ৰাজনীতি কৰে এআইইউডিএফে। 
 এই সমাবেশৰ মুখ্য বক্তা অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ ভাঙ্গা বজাৰৰ খেলপথাৰত ঠিক ৪:১০মিনিটত অৱতৰণ কৰে। মঞ্চত পদাৰ্পণ কৰিয়ে সকলোকে পহিলা বৈশাখৰ শুভেচ্ছা জনায়। ভাষণ প্রসঙ্গত, কংগ্রেছ আৰু এআইইউডিএফ ক তুলাধুনা দিয়ে। তেওঁ‌ কয়, কংগ্রেছে সত্তৰ বছৰ অপশাসন কৰিলে। সেয়ে আৰু নহব, অত্যাচাৰ আৰু সহ্য কৰা নহব।  বিগত ৫বছৰ বিজেপি চৰকাৰ আছিল আৰু ভবিষ্যতেও থাকিব। যিটো আজি সাধাৰণ জনতাই বুজিব পাৰিছে। হিন্দু মুসলমান সহ সকল ধর্মৰ বিকাশৰ কথা এই বিজেপি চৰকাৰে সকলো সময়তে চিন্তা কৰি আহিছে। সংখ্যালঘু সকলেও বিজেপি মুখী হৈছে। যি এটা শুভ লক্ষণ । ‘সবকা সাথ সবকা বিকাশ’, ‘আৰু একবাৰ, মোদি চৰকাৰ’ এইসমুহ শ্লোগাণ দিয়ে মুখ্যমন্ত্রীয়ে। ভাৰত চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আচনি সমুহ ডাঙি ধৰে মুখ্যমন্ত্ৰীয়ে। ভাষণৰ অন্তত  কৰিমগঞ্জ লোকসভা আসনৰ দলীয় প্রার্থী কৃপানাথ মালাহ’ৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ প্রার্থনা কৰে।
প্ৰতিবেদক বদৰপুৰ , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here