বিশ্বকাপ ২০১৯ ৰ পৰা বাহিৰ হ’ব পাৰে এইসকল খেলুৱৈ

0
66

SPORTS DESK, NE INDIA : আইপিএল সামৰণি হোৱাৰ পাছতে আৰম্ভ হ’ব বিশ্বকাপ ২০১৯ ।  বিশ্বকাপৰ যুঁজত অৱৰ্তীণ হ’বলৈ প্ৰায় সকলো দলে প্ৰস্তুতি আৰম্ভ কৰিছে । বিশ্বকাপৰ বাবে বিচিচিআইয়ে বৰ্তমানলৈকে ভাৰতীয় দলৰ ঘোষণা কৰা নাই যদিও ভাৰতৰ কেইবাজনো ভাৰতীয় ষ্টাৰ খেলুৱৈ এইবাৰ বিশ্বকাপৰ পৰা বাদ পৰাৰ আশংকা কৰা হৈছে । বিশ্বকাপ ২০১৯ ৰ পৰা যিসকল খেলুৱৈ বাদ পৰাৰ আশংকা কৰা হৈছে সেইসকল হ’ল –

1. ঋষভ পণ্ট
ভাৰত- অষ্ট্ৰেলিয়াৰ মাজত হৈ যোৱা এদিনীয়া শৃংখলাত মহেন্দ্ৰ সিং ধোনীৰ অনুপস্থিতিত ঋষভ পণ্টক সুযোগ প্ৰদান কৰা হৈছিল । কিন্তু সুযোগ পোৱাৰ পিছতো ঋষভ পণ্টে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল । যাৰ বাবে বিশ্বকাপ টীমত ঋষভ পণ্টক অন্তৰ্ভুক্ত কৰাক লৈ ভাৰতীয় খেলুৱৈ নিৰ্বাচন কমিটি যথেষ্ট চিন্তিত হৈ পৰিছে ।

2. অম্বাতী ৰাইডু
এটা সময়ত ভাৰতীয় টীমত চতুৰ্থ স্থানত বেটিং কৰা অম্বাতী ৰাইডুয়ে বৰ্তমান সময়ত নিজৰ ফৰ্মক লৈ সংঘৰ্ষ কৰি থকাৰ বাবে আগন্তুক বিশ্বকাপৰ পৰা ৰাইডু বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

3. আৰ আশ্বিন
ভাৰতীয় ক্ৰিকেট টীমৰ সকলোতকৈ সফল বলাৰ ৰবিচন্দ্ৰন আশ্বিনেও বিশ্বকাপত স্থান পোৱাৰ কোনো সম্ভাৱনা দেখিবলৈ পোৱা নাযায় । কিয়নো যেতিয়াৰ পৰা কূলদ্বীপ যাদৱ আৰু যুজবেন্দ্ৰ চহলে ভাৰতীয় টীমত নিজৰ স্থান সক্ৰিয় কৰিবলৈ সক্ষম হৈছে, তেতিয়াৰে পৰা ভাৰতীয় টীমত আশ্বিনৰ  বাবে দুৱাৰ প্ৰায় বন্ধ হৈ পৰিছে ।

4. উমেশ যাদৱ
ভাৰতীয় টীমৰ সকলোতকৈ বেগী বলাৰ উমেশ যাদৱ ২০১৯ বিশ্বকাপত খেলাৰ সুযোগৰ পৰা বঞ্চিত হ’ব যেন অনুমেয় হয় । কিয়নো বিগত কিছুসময় ধৰি উমেশ যাদৱে টীমত নিজৰ স্থান বনাবলৈ সংঘৰ্ষ কৰি আহিছে । আনহাতে উমেশ যাদৱৰ অনুপস্থিতিত মহম্মদ শামীয়ে বেগী ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।

5. যুৱৰাজ সিং
ছিক্সাৰ কিংগ যুৱৰাজ সিঙো বিশ্বকাপ ২০১৯ ৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । যুৱৰাজ সিঙে বিগত কিছু সময় ধৰি ভাৰতীয় টীমত নিজৰ স্থান সুৰক্ষিত কৰাৰ পৰা বিফল হৈছে আৰু বৰ্তমানৰ ভাৰতীয় একাদশক দেখি এইটো নিশ্চিতকৈ ক’ব পাৰি যে ২০১৯ ৰ বিশ্বকাপত খেলাৰ পৰা বঞ্চিত হ’ব যুৱৰাজ সিং ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here