বিশ্বকাপৰ বাবে ভাৰতীয় একাদশৰ সংকেত অধিনায়ক কোহলীৰ

0
52

SPORTS DESK, NE INDIA: অধিনায়ক বিৰাট কোহলীয়ে বুধবাৰে ২০১৯ ৰ বিশ্ব কাপৰ কাৰণে টীম ইণ্ডিয়াৰ খেলুৱৈ একাদশৰ স্পষ্ট সংকেত প্ৰদান কৰে । ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়াৰ শৃংখলা পঞ্চম এদিনীয়াত ভাৰতীয় একাদশৰ দুটা পৰিৱৰ্তন কৰি অধিনায়ক কোহলীয়ে ভাৰতীয় টীমক ‘সকলোতকৈ সন্তুলিত টীম’ হিচাপে ঘোষণা কৰে । টচৰ সময়ত অধিনায়ক কোহলীয়ে খেলুৱৈ একাদশৰ ঘোষণা কৰি কয় যে, ‘চহলৰ পৰিবৰ্তে টীমত অ’ল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জডেজাক অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে কেএল ৰাহুলৰ সলনি টীমত মহম্মদ চামীক অন্তৰ্ভুক্ত কৰা হৈছে ।’ তদুপৰি কোহলীয়ে কয় যে, ‘আজি আমি যিটো টীমৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈছো, সেই টীম ভাৰতীয় টীমৰ সমতুল্য। যাৰ লগত আমি সম্ভৱতঃ বিশ্বকাপত খেলিবলৈ গৈ আছো ।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here