বিগ ব্রেকিংঃ বড়খলাৰ ৪ যুবকৰ মৃত্যু চেন্নাইত

0
92
পেটৰ তাগিদাত চেন্নাইৰ প্রাইভেট কোম্পানিত কাম কৰিবলৈ গৈ আকস্মিক দূর্ঘটনাত পতিত হৈ বড়খলাৰ চাৰি যুবকৰ অকাল মৃত্যু ঘটিছে। নিহত চাৰি যুবক হৈছে  আনোৱাৰ হুচেইন বৰভুঞা(৩০), দিলোৱাৰ হুচেইন বৰভুঞা(২৬), আনোৱাৰ হুচেইন বৰভুঞা(২০) আৰু আবিদুৰ ৰহমান বৰভুঞা (২১)। ইয়াৰ মাজত দুজন একেই পৰিয়ালৰ। আনোৱাৰ হুচেইন আৰু দিলোৱাৰ হুচেইন।
   তামিনাড়ুৰ চেন্নাইত এটা কোম্পানিৰ কামত নিয়োজিত আছিল তেওঁ‌লোক। ৰাজনগৰ গাওঁ‌ পঞ্চায়ত সভাপতিৰ ভাতৃ মাশুকৰ লগত কোম্পানিত নিয়োজিত হয় তেওঁ‌লোক।  কিভাবে তেওঁ‌লোকে মৃত্যুক সাৱটিব লগা হল এই সম্পর্কে নিহত সকলৰ পৰিয়ালৰ ওচৰত এতিয়াও কোনো সঠিক খবৰ নাই । সুত্ৰই জনাইছে, ৰবিবাৰে দুপুৰীয়া ১২ বজাত  কর্মৰত কোম্পানিৰ কামত  কোনো দূর্ঘটনাৰ কৱল পৰি মৃত্যু ঘটিছে তেওঁ‌লোকৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে শোকৰ ছাঁ‌ নামি আহে তেওঁ‌লোকৰ পৰিয়াললৈ।  খবৰমতে,তামিলনাড়ুত নিহত চাৰি যুবকৰ মৰোনত্তর পৰীক্ষা চলিছে।  সম্ভবতঃ সোমবাৰে আবেলি বিমানযোগে মৃতদেহ  নিজ নিজ বাসগৃহত উপস্থিত হব। 
চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here