বাইহাটাত আৰক্ষীৰ বাহন দূৰ্ঘটনাগ্ৰস্থ

0
151

NEWS DESK NE INDIA: বাইহাটা চাৰিআলিত আৰক্ষীৰ গাড়ী দূৰ্ঘটনাগ্ৰস্থ হৈছে । এগৰাকী মহিলা আচামী থানালৈ আনি থকা অৱস্থাত বিহদিয়াত সংঘটিত হয় এই দুৰ্ঘটনা । মহিলা আৰক্ষীসহ সাত জন  লোক এই দূৰ্ঘটনাত আহত হয় । আহত আটাইকেইজনকে নিকটৱৰ্তী বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে । ইয়াৰে গুৰুতৰ ভাবে আহত দুজনক জি এম চি এইচ্ লৈ প্ৰেৰণ কৰা হৈছে ।  উল্লেখ্য যে বাইহাটা আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাৱৰ ওচৰৰ পৰা এগৰাকী মহিলা আচামি থানালৈ আনি থকা অৱস্থাত,  মুখা মুখি হোৱা টেম্প গাড়ী এখনক বচাবলৈ গৈ আৰক্ষীৰ চুমু বাহন খনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিতে বাগৰি পৰে  । ফলত গাড়ী খনত থকা আটাই কেইজনই আঘাট প্ৰাপ্ত হয় ।

ভগদত্ত ডেকা, বাইহাটা, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here