বাংলাদেশত বিগত আঢ়ৈ মাহত ব্যাপক সংখ্যালঘু নির্যাতন 

0
62
বাংলাদেশত ২০১৯ চনৰ বিগত আঢ়ৈ মাহত সমগ্ৰ দেশত হত্যাৰ বলি হৈছে ২৭ গৰাকী হিন্দু সম্প্রদায়ৰ মানুহ। হত্যাৰ চেষ্টাৰ ফলত আহত  হৈছে ৫৮ জন লোক। বাসগৃহ আৰু ব্যৱসায় প্রতিষ্ঠানত অগ্নি সংযোগ হৈছে ২৫৪ টা। ভুমি দখলৰ ঘটনা ঘটিছে ১৪৩ টা। শতাধিক মন্দিৰ আৰু প্রতিমা চুৰ্ণ বিচুৰ্ণ কৰা হৈছে। ধর্ষন গণ-ধর্ষন আৰু শ্লীলতাহানীৰ শিকাৰ হৈছে ৩৭ গৰাকী মহিলা। অপহৰণ আৰু নিখোজ হৈছে ১৩ জন। এই তথ্য জনাইছে জাতীয় হিন্দু মহাজোটৰ মহাসচিব গোবিন্দ প্রামাণিকে। শুক্রবাৰে জাতীয় প্রেচক্লাৱৰ মৌলনা আক্ৰাম প্ৰেক্ষাগৃহত এক সংবাদ মেলত লিখিত বক্তব্যত তেওঁ‌ এইসমুহ তথ্য ডাঙি ধৰে।  মহাসচিৱে জনালে ফেচবুকত তথাকথিত ধর্ম অৱমাননাৰ অজুহাতত মুক্তিপণ, চাঁন্দা দাবী, দেশত্যাগৰ ভাবুকি, পাবনাৰ উপজিলাৰ ৫ শতাধিক মানুহৰ চলাচলৰ পথ বন্ধ কৰি দেশত্যাগৰ ভাবুকি, কিশোৰী অপহৰণ, পিকনিকলৈ লৈ গৈ ২ শতাধিক হিন্দু ছাত্র ছাত্রীক গো- মাংস ভক্ষণ কৰোৱা আদি।
গোবিন্দ প্রামাণিকে কয়, বর্তমান চৰকাৰৰ সময়ত বিগত দশ বছৰত সমগ্ৰ দেশত হিন্দু নির্যাতনৰ ঘটনা মধ্যযুগৰ বর্বৰতাকো হাৰ মনাই দিছে। কিছু কিছু ক্ষেত্রত আচামী গ্রেপ্তাৰ হলেও পিচত মুকলি কৰি দিয়া হৈছে। হিন্দু নির্যাতনৰ অপৰাধী সকলক আজি পর্যন্ত  কোনো শাস্তি প্ৰদান নহল। ফলত অপৰাধী সকলে অপৰাধ কৰিবলৈ আৰু বেছি উৎসাহিত হৈছে। যাৰ ফলশ্ৰুতিত বাৰংবাৰ এটাৰ পিচত এটা এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে ।
সংখ্যালঘু সম্প্রদায়ৰ ওপৰত নির্যাতন, আক্ৰমণ, লুটপাট, অগ্নি সংযোগ, মঠ মন্দিৰ, প্রতিমা ভাঙা, ভুমি দখল, দেশ ত্যাগৰ বাবে বাধ্য কৰোৱা ঘটনা সমূহৰ প্রতিকাৰৰ বিষয়ে এই সংবাদ মেল অনুষ্ঠিত হয়।  মহাসচিবৰ উপৰিও বক্তব্য ৰাখিছিল সহ সভাপতি প্রদীপ পাল, জগদীশ চন্দ্র ৰায়, সাধন চন্দ্র মন্ডল, স্বপন হাওলাদাৰ, চিনিয়ৰ যুতীয়া মহাসচিব উত্তম দাস, নকুল মন্ডল, মহিলা বিষয়ক সম্পাদক এডভোকেট প্রতীভা বাকচী, ধর্ম সম্পাদক কার্তিক চক্রৱর্তী, ছাত্র বিষয়ক সম্পাদক সুমন সৰকাৰ, ঢাকা দক্ষিনৰ সাধাৰণ সম্পাদক শ্যামল ঘোষ, ঢাকা মহানগৰ উত্তৰৰ সভাপতি প্রবীৰ হালদাৰ, চিনিয়ৰ সহ সভাপতি সঞ্জয় চক্রৱর্তী, নাৰায়নগঞ্জ জিলা সাধাৰণ সম্পাদক এডভোকেট ৰঞ্চিত দে, হিন্দু যুৱ মহাজোটৰ সভাপতি কিশোৰ বর্মন, নির্বাহী সভাপতি প্রদীপ শঙ্কৰ, চিনিয়ৰ সহ সভাপতি গৌতম সৰকাৰ অপু, সাধাৰণ সম্পাদক সন্তোষ মাহাতো, প্রধান সমন্বয়কাৰী প্রশান্ত হালদাৰ, যুতীয়া সাধাৰণ সম্পাদক সুমন অধিকাৰী, হিন্দু ছাত্র মহাজোটৰ সভাপতি চাজেন কৃষ্ণ বল, প্রচাৰ সম্পাদক তপু কুন্ড, আইটি সম্পাদক নয়ন হালদাৰ আদিয়ে।  
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here