ফিনলেণ্ডৰ জিবি বক্সিং টুৰ্নামেণ্টত পদক অৰ্জন শিৱ থাপাৰ

0
54

SPORTS DESK, NE INDIA : দীৰ্ঘ সময়ৰ পাছত আন্তঃৰাষ্ট্ৰীয় বক্সিঙত উজ্বলিল অসম সন্তান শিৱ থাপা ।  ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক জিবি বক্সিং টুৰ্নামেণ্টত ৰূপৰ পদক জিকিবলৈ সক্ষম হ’ল অসমৰ প্ৰতিভাৱান বক্সাৰ শিৱ থাপাই । ফাইনেলত প্ৰৱেশ কৰি শিৱ থাপাই ৰবিবাৰে ৬০ কিলোগ্ৰাম শাখাত ফিনলেণ্ডৰ খেলুৱৈ কাটভ আছলানৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়ায়। খেলত আছলানৰ বিৰুদ্ধে থাপা ৪-১ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয় । উল্লেখ্য যে প্ৰতিযোগিতাত শিৱ থাপাই পোলাণ্ড, ৰাছিয়া আৰু কাজাখাস্তানৰ বক্সাৰক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল । শিৱ থাপাৰ জয়ে ৰাজ্যৰ ক্ৰীড়া প্ৰেমী সকলক উৎফুল্লিত কৰি তুলিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here