প্ৰসংগ : গুড় ব্যৱসায় ! উত্তপ্ত হ’ল লামডিং

0
73

গোলাঘাটৰ সুৰা ট্ৰেজেদিৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছিল লালিগুড়। ৰাজ্যৰ ভিন্ন প্ৰান্তত সুৰা ট্ৰজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই বন্ধ কৰিছিল বহুকেইটা লালিগুড়ৰ গুদাম। ৰাজ্যত বহুল প্ৰসাৰিত এই লালিগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্বয়তাত ভূগিছে কুহিঁয়াৰ ব্যৱসায়ী তথা গুৰ ব্যৱসায়ী সকল। এক প্ৰকাৰে উলুৰ লগত বগৰী পোৰা লেখীয়া কথা হৈ পৰিছে।

উল্লেখ যে লামডিঙৰ দৰে এখন দুৰ্গম পাৰ্বত্যঞ্চলত এতিয়া কুহিঁয়াৰ কৃষক সকলে প্ৰতিবাদত কৰিবলৈ বাধ্য হৈ পৰিছে৷ লামডিং এখন পাহাৰীয়া অঞ্চল যিহেতু পানীৰ সমস্যাত জৰ্জৰিত কৃষক সকল ৷ ধান খেতি বা অনান্য খেতি কৰাৰ সুবিধাকনো নাই বাবেই লামডিং গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি গুৰৰ ব্যৱসায়ৰে জীৱিকা নিৰ্বাহ কৰি আহিছিল ৷ কিন্তু এতিয়া তেওঁলোকৰ জীৱিকাত হেঙাৰ হৈ পৰিছে অসম চৰকাৰ ৷ সেয়হে শুকুৰবাৰে পুৱাই কুঁহিয়াৰ খেতিৰ কৃষক সকলে লামডিং চহৰৰ মাজ মজিয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় ৷ তেওঁলোকৰ দাবী চৰকাৰ আৰু প্ৰশাসনে লামডিং আহি পৰীক্ষা কৰক গুৰ খাই মৃত্যু হৈছে নে নাই ৷ অসম চৰকাৰে সকলো গুৰ বজাৰত নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে লামডিঙৰ এইসকল কৃষকে ৷ লগতে কৃষকসকলে কয় যে যিহেতু লামডিং তথা লামডিঙৰ দাতি কাষৰীয়া বহতো অঞ্চলত পানীৰ অভাৱ গতিকে লামডিঙৰ কুঁহিয়াৰ পেৰাই পগুৱালে প্ৰায়ভাগ গুৰেই ক’লা বৰণৰ হৈ পৰে যাৰ ফলত এতিয়া গুৰ ব্যৱসায়ী সকলে কৃষকৰ পৰা গুৰ কিনিবলৈ অমান্তি হৈছে ৷ ফলত এতিয়া লামডিঙৰ ক্ষোভিত কৃষক সকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি প্ৰতিবাদ সাবস্ত্য কৰে প্ৰতিবাদ ৷ চুলাই সেৱন কৰি অসমত যদি ৩০০ লোকৰ মৃত্যু হৈছে তেনেহ’লে আগন্তুক দিনত ৰাজ্যত পেটৰ টাৰনাত হাজাৰ জন কুঁহিয়াৰ খেতি কৃষকে মৃত্যু বৰন কৰিব বুলিও মন্তব্য কৰে কৃষকসকলে ৷

https://youtu.be/KEiYp9KefKE?t=11

ধীৰাজ দে,লামডিং,NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here