পুনৰ আন অভিলেখৰ অধিকাৰী হ’ল বিৰাট কোহলী

0
55

SPORTS DESK, NE INDIA : ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ তৃতীয় এদিনীয়াত ভাৰতে অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় বৰণ কৰে যদিও আন এক অভিলেখৰ অধিকাৰী হ’ল ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী । শুকুৰবাৰে ৰাঁচিত অনুষ্ঠিত হৈ যোৱা এদিনীয়াত কোহলীয়ে সুন্দৰ প্ৰদৰ্শনেৰে ৯৫ টা বলত ১৪ টা চাৰিৰ সহায়ত ১২৩ ৰাণ বনাবলৈ সক্ষম হয় । উক্ত খেলখনত কোহলীয়ে অধিনায়ক হিচাপে কম ইনিংছত ৪০০০ ৰাণ সম্পূৰ্ণ কৰা খেলুৱৈ হিচাপেও পৰিগণিত হ’ল । কোহলীয়ে খেলখনত ২৭ ৰাণ সম্পূৰ্ণ কৰাৰ লগে লগে এই অভিলেখৰ অধিকাৰী হয় ।

তদুপৰি উক্ত খেলখনত কোহলীয়ে তেওঁৰ কেৰিয়াৰ ৪১ তম শতক বনাবলৈ সক্ষম হয় । উল্লেখ্য যে কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে এদিনীয়াত ৬৩ সংখ্যক ইনিংছত ৪০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় । ইয়াৰ আগতে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এ বি ডিভিলিয়াৰ্চে । ডিভিলিয়াৰ্চে অধিনায়ক হিচাপে এদিনীয়াত ৭৭ সংখ্যক ইনিংছত ৪০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here