দুৰ্ঘটনাক কেন্দ্ৰ কৰি কাকপথাৰ থানা ঘেৰাও ৰাইজৰ

0
81
কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত তিলক নগৰৰ সমীপত বৃহস্পতিবাৰে হোৱা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি কাকপথাৰ টাউনৰ সমীপত অৱস্থিত তিলক নগৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা প্ৰায় ৯-৩০ বজাত এখন অচিনাক্ত ট্ৰাকে দাবা মাহাত্ব (৭৪) নামৰ ব্যক্তিজনক খুন্দিয়াই পলায়ন কৰিছিল ৷ লগে লগে পৰিয়াল তথা ৰাইজে কাকপথাৰ আৰক্ষীক খবৰ দিয়াৰ লগতে গুৰুতৰভাৱে আহত লোকজনক ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছিল । চিকিৎসাধীন অৱস্থাত থকা দাবা মাহত্বৰ শুকুৰবাৰে পুৱতি নিশা মৃত্যু হয় । ইফালে আৰক্ষীক দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চি.চি টিভিৰ ফুটেজ পৰীক্ষা কৰি সচেতন যুৱকে ফটো থানাত দিছে যদিও আজি পৰ্য্যন্ত গাড়ীখন ধৰিব নোৱাৰাত ক্ষোভিত হৈ পৰে ৰাইজ ।
উত্তেজিত ৰাইজে শুকুৰবাৰে বিয়লি ভাগত ৰাজপথত মৃতদেহ লৈ আৰক্ষী থানা ঘেৰাও কৰি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী ৰাইজে গাড়ীখন চিনাক্ত কৰি মৃতকৰ পৰিয়ালক উচিত ক্ষতিপুৰণ দিয়াৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা তিলক নগৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত গতিৰোধক অথবা চেক পোষ্ট দিয়াৰ দাবী তোলে । ঘটনাস্থলীত জিলা দণ্ডাধীশ উপস্থিত হৈ প্ৰতিবাদী ৰাইজে তিনিচুকীয়া জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা তিনিটা দাবী সন্নিবিষ্ট স্মাৰক পত্ৰ গ্ৰহণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ।
দ্বীপেন লহকৰ, কাকপথাৰ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here