‘তেৰেকো হাম অভি মাৰ ডালেংগে’ ত্ৰিপুৰাৰ BJP  প্ৰাৰ্থীৰ গুণ্ডাগিৰি

0
50
ঘটনা ১২ এপ্ৰিল শুকুৰবাৰৰ । নিশা ৩ বজাৰ ঘটনা । crime queen নামেৰে খ্যাত প্ৰতিমা ভৌমিকে মৃত্যুৰ ভাবুকি দিলে ত্ৰিপুৰা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী চুপাৰটেনণ্ডেট  কিৰণ কুমাৰক । ৰাজধানী আগৰতলাৰ সমীপৰ চান্দমাৰি অঞ্চলত আৰক্ষী বিষয়া কিৰণ কুমাৰে ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে অভিযান চলোৱাৰ লগতে তালাচী চলাই আছিল । 
ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষী বিষয়া গৰাকীৰ ধাৰাবাহিক বাধা প্ৰদানত ক্ষুণ্ণ হৈ আছিল প্ৰতিমা ভৌমিক । ড্ৰাগছ মাফিয়াৰে প্ৰতিমা ভৌমিকৰ সম্পৰ্কৰ অভিযোগ হৈ আহিছিল । শুকুৰবাৰে নিয়মিত তালাচীৰ সময়ত ঘটনাস্থলীত হঠাৎ উপস্থিত হৈ লোকসভা নিৰ্বাচনত বিকেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰতিমা ভৌমিকে আৰক্ষী বিযয়া গৰাকীক  প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে । লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী এগৰাকীৰ এনে গুণ্ডাগিৰি ৰ কথা সমগ্ৰ ৰাজ্যখনত চৰ্চা লাভ কৰিছে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here