চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ বিহু সন্মিলনৰ স্মৃতি গ্ৰন্থৰ বাবে লেখা আহ্বান 

0
50
হেঁপাহৰ ব’হাগ বিহুটিলৈ মাজত মাথোঁ এটা মাহ। চ’ত পাৰ হৈ আগমণ ঘটিব ব’হাগৰ। বিহু বলিয়া ডেকা-গাভৰু এতিয়া সাজু হৈছে বিহুৰ আখৰাৰ বাবে। বিহু সন্মিলনৰ বাবেও সাজু হৈছে বিভিন্ন প্ৰান্তৰ উদযাপন সমিতিসূহো। বাদ পৰি ৰোৱা নাই চৰাইদেউ জিলাৰ সদৰ সোণাৰি। বিগত বৰ্ষসমূহৰ দৰে সোণাৰিত এইবাৰো চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলনৰ। এই সন্দৰ্ভত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন ৰাজহুৱা সভাত  দ্বাদশ বছৰৰ বাবে আয়োজন কৰা বিহু সন্মিলনৰ বাবে ইতিমধ্যে শিক্ষাবিদ দেৱেন বৰুৱাক সভাপতি, বিশিষ্ট অধিবক্তা জাকিৰ হুছেইন আৰু সমাজকৰ্মী হেমন্ত গদুকাক কাৰ্যকৰী সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মাণিক গগৈক মুখ্য সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।
অহা ২ আৰু ৩ মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰচাৰ সম্পাদক অভিজিৎ ভূঞাৰ সম্পাদনাত “টঙালি” নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে। আনহাতে স্মৃতিগ্ৰন্থ খনত প্ৰকাশৰ বাবে ৰাজ্য ভিন্ন প্ৰান্তৰ লেখক-লেখিকাসকলৰ পৰা ‘অসমৰ জনগোষ্ঠীয় বসন্ত উৎসৱ’, সাহিত্যিক লীলা গগৈৰ সাহিত্যত বিহু, তথা বিহু সংস্কৃতি বিষয়ক বিভিন্ন লেখা আহ্বান কৰিছে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিয়ে।   লেখা সমূহ ৫ এপ্ৰিলৰ ভিতৰত পোৱাকৈ toabhijitbhuyan@gmail.com এই ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সবিশেষ তথ্যৰ বাবে ৭০৮৬৫৭২৫৬৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
অভিজিৎ ভূঞা,চৰাইদেউ ,Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here