চৰাইদেউত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ

0
158

NEWS DESK NE, INDIA : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত আছে চৰাইদেউত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত মঙ্গলবাৰে  ৰাজপথত প্ৰতিবাদ সাৱ্যস্ত কৰিলে দল-সংগঠনসমূহে।  ৭০ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ চৰাইদেউ জিলা সমিতিসমূহৰ নেতৃবৃন্দৰ নেতৃত্বত মঙ্গলবাৰে সোণাৰি নগৰত পথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী জনায়। উল্লেখ্য যে মঙ্গলবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়কখন উত্থাপন হোৱাৰ কথা আছিল। যাৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো বিধেয়ক বিৰোধী প্ৰতিবাদ সাৱ্যস্ত কৰিলে দল সংগঠনসমূহে।

অভিজিৎ ভূঞা, চৰাইদেউ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here