চৰাইদেউত নগাৰ সন্ত্ৰাসত আতংকিত গঞা

0
130
চৰাইদেউ জিলাত নগাৰ সন্ত্ৰাসে সৃষ্টি কৰিছে আতংকময় পৰিৱেশ। জিলা সদৰ সোণাৰি নগৰৰ অসম-নগালেণ্ড সীমান্তবৰ্তী  অভয়পুৰ সংৰক্ষিত বনাঞ্চল হৈ ওলাই অহা অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাসত কঁপিছে গঞা। সোণাৰি নগৰ পাৰ্শ্ববৰ্তী গোৱালাপথাৰৰ থুকুবিল নগানদী-গুটিঘাট অঞ্চলত অস্ত্ৰধাৰী নগা প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
জানিবপৰামতে স্থানীয় কানু মুণ্ডাৰ নামৰ যুৱকজনৰ মবাইল ফোন কাঢ়ি লৈ যোৱাৰ লগতে মহ গোৱাল লক্ষীনাথ কলিতাৰ মহ লৈ যোৱাৰ চেষ্টা চলাইছিল নগা দুৰ্বিত্তই। কালি নিশা নগা দুৰ্বৃত্তই  মহিলা-যুৱতীলৈকো চোঁচামাৰি আহিছিল যদিও কথমপি পলাই হাৰিল চাৰি মহিলা-যুৱতী। এই সন্দৰ্ভত খবৰ পাই সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলায়। আৰক্ষীৰ তৎপৰতাত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা গোৱাল লক্ষীনাথ কলিতাৰ মহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও উক্ত ঘটনাক লৈ অঞ্চলজুৰি  তীব্ৰ চাঞ্চল‍্য বিৰাজ কৰি আছে।
অভিজিৎ ভূঞা, চৰাইদেউ, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here