চাউল কেলেংকাৰীয়ে জোঁকাৰিছে চৰাইদেউ 

0
79
 ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীলতাৰ নীতি যে কেৱল ভাষণতেই সীমাবদ্ধ সেই কথা পুনৰ প্ৰমাণ হৈছে চৰাইদেউ জিলাত। কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীলতাৰ  কথা আওৰাই থকাৰ সময়তে চৰাইদেউ জিলাত পোহৰলৈ আহিছে আন এক বৃহৎ কেলেংকাৰী। শেহতীয়াকৈ চৰকাৰখনে  দৰিদ্ৰ জনতালৈ তিনি টকীয়া চাউল আবণ্টন দিয়াৰ সময়তে  পোহৰলৈ আহিছে আন এক বৃহৎ কেলেংকাৰীৰ কথা ।  পোহৰলৈ অহা তথ্য অনুসৰি জিলাখনৰ সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত পূব অভয়পুৰ সমবায় সমিতিত সংঘটিত হৈছে দৰিদ্ৰ জনতাৰ বাবে অহা চাউল কেলেংকাৰী। প্ৰাপ্ত খৱৰ অনুসৰি পূব অভয়পুৰ সমবায় সমিতিখনে চৰাইদেউ জিলাৰ সদৰ সোণাৰিস্থিত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অনুমোদিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ভাৰতীয় খাদ্য নিগমৰপৰা আৱণ্টন পাই যোৱা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিতৰণৰ ব্যৱস্থা  কৰে। কিন্তু ৰহস্যজনকভাৱে সেই চাউল বিতৰণ নকৰাকৈ আত্মহাৎ কৰে সমবায় সমিতিখনে। এই সন্দৰ্ভত আহোম জাতীয় গণমঞ্চ নামৰ সংগঠনটোৱে  চৰাইদেউ জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে।  উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব অভয়পুৰ সমবায় সমিতি লিমিটেডৰ সভাপতি প্ৰেম গগৈ আৰু সম্পাদক নয়ন বসুমতাৰীয়ে বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ চাউল যোগান বিভাগৰপৰা মুকলি কৰি অনাৰ পাছতো এজেণ্টসমুহক বিতৰণ নকৰি সমুদায় চাউল আত্মসাৎ কৰা বুলি অভিযোগ কৰে স্মাৰকপত্ৰখনত। মন কৰিবলগীয়া যে সমবায় সমিতি খনে চলিত বৰ্ষৰ ২১ জানুৱাৰীত অন্তোদয়া অন্ন যোজনাৰ হিতাধিকাৰীৰ বাবে ৩৪৮.২৫ কুইণ্টল আৰু আন হিতাধিকাৰীসকলৰ বাবে ১৩৯৭.৬৫ কুইণ্টল  আৰু  ১৭৪৫.৯০ কুইণ্টল চাউল খাদ্য আৰু অসামৰিক যোগান বিভাগৰপৰা আবণ্টন পাইছিল । যাৰ মূল্য আছিল ৫,২৩,৭৭০ টকা। আনহাতে সম পৰিমাণৰ চাউল ফেব্ৰুৱাৰী মাহতো আৱণ্টন পাই আৰু সমিতিখনৰ ৭০ গৰাকী এজেণ্টৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিবলৈ  কৰে।কিন্তু  ৰহস্যজনকভাৱে দুখীয়া জনতাৰ বাবে আবণ্টন হোৱা প্ৰায় ৫০ লক্ষাধিক টকাৰোধিক বজাৰ মূল্যৰ এই চাউল সমবায় সমিতিৰ সভাপতি, সম্পাদকদ্বয়ে ক্ৰমে  প্ৰেম গগৈ আৰু নয়ন বসুমতাৰীয়ে  আত্মসাৎ কৰি দৰিদ্ৰ পৰিয়ালৰ মুৰত মাধমাৰ সোধাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আহোম জাতীয় গণ মঞ্চৰ চৰাইদেউ জিলা সমিতিয়ে এই গুৰুত্বপূৰ্ণ বিষয়টো উচিত তদন্তৰ দাবী জনাই দোষীক উপযুক্ত শাস্তি বিহিবলৈ উপায়ুক্তক দাবী জনায়। ইপিনে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে সোণাৰি আৰক্ষী থানাতো এখন এজাহাৰ দাখিল কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰাৰ লগতে বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিয়েও কেলেংকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ চৰাইদেউ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে। ইপিনে সমগ্ৰ ঘটনাটো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে চৰাইদেউ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰপৰা।ইপিনে শক্তিমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত সমবায় সমিতিখনৰ সভাপতি, সম্পাদকৰ এই চাউল কেলেংকাৰীয়ে জোঁকাৰিছে চৰাইদেউ জিলা। ৰাজনৈতিক দলৰ নেতা হোৱাৰ সুবাদতে সঠিক দিশত তদন্ত আগনাবাঢ়িব নেকি সেই কথাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।
অভিজিৎ ভূঞা,চৰাইদেউ,NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here