গুৱাহাটীত ৮৩ তম ৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতা

0
138
SPORTS DESK NE INDIA : মঙলবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ৮৩তম ৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতা । পিবি সিন্ধু আৰু চাইনা নেহৱালসহ ভাৰতবৰ্ষৰ শীৰ্ষ বেডমিন্টন খেলুৱৈ গুৱাহাটীত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।
৮৩তম চিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত জয়ী হোৱাৰ বাবে চেষ্টা চলাব প্ৰতিযোগীসকলে ।‌ ৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতাখনৰ আৰম্ভণি কোৱালিফায়াৰৰ পৰা আৰম্ভ হ’ব । তাৰকা খেলুৱৈ চাইনা নেহৱাল আৰু পিবি সিন্ধু হ’ব এই প্ৰতিযোগিতাৰ মূল আকৰ্ষণ ।
পুৰুষ শাখাত আঘাতৰ বাবে অংশগ্ৰহণ নকৰিব বিগত চেম্পিয়ন এচ এচ প্ৰণায় আৰু উপবিজেতা কিদাম্বী শ্ৰীকান্তে । অৱশ্যে প্ৰাক্তন চেম্পিয়ন সমীৰ বৰ্মা আৰু পাৰুপল্লী কাশ্যপে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here