গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

0
384

ENTERTAINMENT DESK NE INDIA: ২৫ অক্টোবৰৰ পৰা আৰম্ভ হব দ্বিতীয় সংখ্যক গুৱাহাটী  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷উল্লেখযোগ্য যে, ২০১৭ বৰ্ষত  অনুষ্ঠিত হোৱা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  অংশগ্ৰহণ কৰিছিল প্ৰায় ৬ হাজাৰ প্ৰতিনিধিয়ে।আনহাতে  এই বৰ্ষতো তাতোধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশাবাদী চলচ্চিত্ৰ মহোৎসৱৰ উদ্যোক্তা সকল৷ ২৫ অক্টোবৰৰ  সন্ধিয়া ৫.৩০ বজাত শুভাৰম্ভণি কৰা হ’ব অনুষ্ঠানটিৰ৷ ৬.৩০ বজাত প্ৰসিদ্ধ অসমীয়া কথাছবি নিৰ্মাতা জাহ্নু বৰুৱাৰ “ভগা খিৰিকি” কথাছবিখনেৰে শুভাৰম্ভ কৰা হব আন্তঃৰাষ্ট্ৰীয়  চলচ্চিত্ৰ মহোৎসৱৰ৷ এই কথাছবি খন প্ৰযোজনা কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। চলচ্চিত্ৰ প্ৰদৰ্শনীৰ উপৰিও বহু কেইটা শিক্ষামূলক আলোচনাচক্ৰৰো অনুষ্ঠিত হব মহোৎসৱত৷

এইবৰ্ষৰ  চলচ্চিত্ৰ মহোৎসৱত মুখ্যত গুৰুত্ব প্ৰদান কৰা হৈছে ASEAN দেশসমূহৰ কথাছবিসমূহক। ইৰাণৰ  বোলছবি “DISAPPEARANCE” আদিকে ধৰি ফ্ৰান্স, চীন,পোলেণ্ড,বাংলাদেশ আদি বহুতো দেশৰ  কথাছবি প্ৰদৰ্শিত কৰা হ’ব চলচ্চিত্ৰ মহোৎসৱত।৩০ অক্টোবৰত সমাপ্ত এই চলচ্চিত্ৰ মহোৎসৱৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here