কৰিমগঞ্জত স্বৰুপ দাস, শিলচৰত সুস্মিতা দেৱৰ ওপৰত  ভৰষা কংগ্রেছৰ

0
54
দেশৰ অন্যান্য অঞ্চলৰ লগত সংগতি ৰাখি আগন্তুক ১৮ এপ্রিলত বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু শিলচৰ লোকসভা আসনত নির্বাচন অনুষ্ঠিত হব। নির্বাচনী আয়োগে লোকসভা নির্বাচন দিন ঘোষণা কৰাৰ লগে লগে জল্পনা কল্পনা আৰম্ভ  হয়  কোন দলে কোন প্রার্থী ঠিয় কৰিছে। প্রার্থী বাছনিৰ ক্ষেত্রত ভাৰতীয় জাতীয় কংগ্রেছ দল আন দলতকৈ আগবাঢ়ি থাকিল । বিগত সময়ত দিল্লিত বৰাক উপত্যকাৰ দুটা লোকসভা আসনত কংগ্রেছ প্রার্থীৰ নাম ঘোষণা কৰা হৈছে। দেশৰ ১ নম্বৰ লোকসভা আসন কৰিমগঞ্জত কংগ্রেছ প্রার্থী হিচাপে যুঁ‌জত নামিব স্বৰুপ দাস। মর্যাদা সম্পন্ন শিলচৰ লোকসভা আসনত কংগ্রেছে পুনৰ প্রার্থীত্ব প্ৰদান কৰিছে বর্তমানৰ সাংসদ তথা সর্বভাৰতীয় মহিলা কংগ্রেছ নেত্রী সুস্মিতা দেৱক। উল্লেখ্য যে কৰিমগঞ্জ জিলা কংগ্রেছ সভাপতি সতু ৰায়ে কিছু দিন পুৰ্বে এখন পত্রৰ যোগেৰে দলৰ হাইকমান্ডক জনাইছিল যে কৰিমগঞ্জ আসনৰ বাবে কংগ্রেছ দলৰ উপযুক্ত  প্রার্থী নাই। ইয়াৰোপৰি স্বৰুপ দাসৰ জাতি প্রমাণপত্র লৈও সাধাৰণ জনতাৰ মনত প্রশ্ন উদ্দেক হব পাৰে বুলি হাই কমান্ডক জনাইছিল সতু ৰায়ে। কিন্তু সেই স্বৰুপ দাসৰ ওপৰত আস্থা ৰাখিলে ভাৰতীয় জাতীয় কংগ্রেছে। এই পর্যন্ত এই দুখন আসনৰ বাবে বিজেপি বা এআইইউডি এফ দলে নিজ দলৰ প্রার্থীর নাম ঘোষণা কৰা নাই।
এচ দাস, ইনপুট এডিটৰ, চাউথ আসাম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here