কেৰিয়াৰ ১৬ তম শতক শিখৰ ধৱনৰ

0
52

SPORTS DESK, NE INDIA: দীৰ্ঘদিন ধৰি নিজৰ ফ’ৰ্মৰ লগত সংঘৰ্ষ কৰি থকা ভাৰতীয় দলৰ বেটছমেন শিখৰ ধৱনে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা চতুৰ্থ এদিনীয়াত শতক বনাবলৈ সক্ষম হয় । শিখৰ ধৱনে দুৰ্দান্ত প্ৰদৰ্শনৰে ১১৫ টা বলত ১৪৩ ৰাণ বনাবলৈ সক্ষম হয় । উল্লেখ্য যে এই শতকৰ দ্বাৰা ধৱনে কেৰিয়াৰ ১৬ তম শতক বনাবলৈ সক্ষম হ’ল । শিখৰ ধৱনে ৯৭ টা বলত শতক সম্পূৰ্ণ কৰিলে । শতক সম্পূৰ্ণৰ পিছত ধৱনে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে যদিও ১৪৩ ৰাণত পেট কমিনছৰ বলত উইকেট হেৰুৱাই । উল্লেখ্য যে ধৱনৰ এয়াই এদিনীয়াত সৰ্বাধিক প্ৰদৰ্শন ।

ৰবিবাৰে মোহালীত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থ এদিনীয়াত ভাৰতে প্ৰথমে বেটিং কৰি অ’পেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধৱনৰ দুৰ্দান্ত বেটিঙৰ ফলত দুয়োজন বেটছমেনৰ মাজত শতকীয় ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে অ’পেনাৰ ৰোহিত শৰ্মাই শতক বনাবলৈ সক্ষম নহ’ল যদিও ৯২ টা বলত ৯৫ ৰাণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ভাৰতে ইতিমধ্যে শৃংখলাটোত ২ খন জয়ৰ দ্বাৰা ২-১ অগ্ৰগতিৰ লাভ কৰিছে । আনহাতে তৃতীয় এদিনীয়াত অষ্ট্ৰেলিয়া হাতত পৰাজয় বৰণ কৰিছিল ভাৰতীয় দলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here