কাটিগড়াত গছৰ পৰা পৰি এজন কিশোৰৰ মৃত্যু

0
45
 কাটিগড়াত এক মর্মান্তিক দুর্ঘটনা ঘটিল বছৰৰ অন্তিম  দিনটোত  । হৰিনগৰ তৃতীয় খন্ড গাওঁ‌ত গছৰ পৰা পৰি এজন কিশোৰৰ মৃত্যুৰ ঘটনা ঘটিল ৰবিবাৰে।মৃত কিশোৰ জনৰ নাম চালেহ আহমেদ (১৪)। 
কাটিগড়া থানাত মৃত কিশোৰৰ পিতৃ ইচলাম উদ্দিন এই ঘটনা সন্ধৰ্ভত এখন এজাহাৰ প্ৰদান কৰিছে  কাটিগড়া থানাত । এজাহাৰত উল্লেখ কৰিছে , ৰবিবাৰে পুৱা আনুমানিক ন বজাত তেওঁ‌ৰ পুত্ৰ চালেহ আহমদে বাসগৃহৰ সমীপৰ খেলপথাৰত খেলাধুলা কৰাৰ উদ্দেশ্যি বাহিৰ হৈছিল।সেই সময়ত হাজি আব্দুল মুচব্বিৰ বৰভুঞা নামৰ এগৰাকী ব্যক্তিয়ে আহি গছৰ ডাল কটাৰ বাবে তেওঁ‌ৰ পুত্ৰক লৈ যায়। তাতেই গছৰ ডাল কাটি থাকোতে এই মর্মান্তিক দুর্ঘটনা ঘটে । গছৰ পৰা তলত পৰি গুৰুতৰ ভাৱে আহত হয় চালেহ ।আহত চালেহ আহমদক লগে লগে কাটিগড়া মডেল হাচপাতাললৈ লৈ আহে তেওঁ‌। কিন্তু বিধিৰ বিপাক হাচপাতালৰ চিকিৎসকে চালেহক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিচতে মৃত চালেহক লৈ যোৱা হয় শিলচৰ মেডিকেল কলেজ হাচপাতাললৈ পুত্ৰৰ এনে মর্মান্তিক মৃত্যুৰ ঘটনাত বাকৰুদ্ধ হৈ পৰিছে অসহায় পিতৃ।
প্ৰতিবেদক কালাইন , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here