কাটিগড়াত কয়লাবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ ! কয়লা চিণ্ডিকেটক লৈ মুখ খুলিলে বিধায়কে

0
186
কাটিগৰাৰ বিধায়ক অমৰচাঁন্দ জৈনৰ বাসগৃহৰ সন্মুখৰ দোকানত শুক্রবাৰে পুৱা এখন কয়লাবাহী ট্রাক দূর্ঘটনাগ্রস্ত হয়। এই সন্ধৰ্ভত মুখ খুলিছে বিধায়ক জৈনে। কয়লাৰ গাড়ি তেওঁ‌ৰ দোকানত দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত ক্ষতি হৈছে প্রায় তিনিলাখ  টকা বুলি মন্তব্য কৰি তেওঁ‌ কলে, ঘটনাৰ ১৪ ঘন্টা পাৰ হোৱাৰ পিচতো পুলিচ উপস্থিত নহল। বিধায়কে জনালে, এই কয়লা বৈধ না অবৈধ সেয়া লৈ যথেষ্ট সংশয় আছে। প্রশাসনক প্রশ্ন কৰিলে তেওঁ‌লোকে সকলোসময়তে উত্তৰ দিয়ে কয়লাৰ গাড়ীৰ কাগজ পত্ৰ আছে। শুকুৰবাৰৰ যিখন গাড়ী দুৰ্ঘটনা গ্ৰস্থ হৈছে তাৰ বৈধ কাগজ পত্ৰ আছে নে নাই তাৰ উত্তৰ প্রশাসনে দিব  লাগিৱ । অন্যথা গাড়ী খন এৰি দিয়া  নহব বুলি জনালে  বিধায়ক অমৰচাঁ‌ন্দ জৈনে ।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here