উত্তৰ-পূৱৰ সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে অভিযান ম্যানমাৰ সেনাৰ

0
288
সশস্ত্ৰ সংগঠন আলফাত মোক্ষম আঘাত সানিছে নেকি ম্যানমাৰ চৰকাৰে? অতি শেহতীয়াকৈ এই প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ খৱৰ । জানিব পৰা মতে ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ম্যানমাৰত শিবিৰ পাতি থকা উত্তৰ -পূবৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ম্যানমাৰ সেনাই । বিশেষ সূত্ৰে জানিবলৈ পোৱা মতে ম্যানমাৰস্থিত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন) আৰু ম্যানমাৰ সেনাৰ মাজত শেহতীয়াকৈ সংঘটিত হোৱা সংঘৰ্ষৰ ফলত আলফা (স্বা)ৰ এজন সদস্য নিহত হোৱাৰ লগতে আন এজন সদস্যক আটক কৰিছে ম্যানমাৰ সেনাই ।
তথ্য অনুসৰি ম্যানমাৰ সেনাই বিগত জানুৱাৰী মাহত ছাগায়িং অঞ্চলত থকা নগা বিদ্ৰোহীৰ এনএছচিএন (কে)ৰ শিবিৰত অভিযান চলাই নানিয়ুন চহৰাঞ্চলৰ টাগা গাঁৱত থকা এনএছচিএন (কে)ৰ মুখ্য কাৰ্যালয়টো ম্যানমাৰ সেনাৰ অধীনলৈ আনে । মন কৰিবলগীয়া কথা যে বিগত বৰ্ষত ভাৰতৰ সুৰক্ষা উপদেষ্টা অজিত ডাভালে ম্যানমাৰ ভ্ৰমণ কৰাৰ সময়ত দেশখনত আশ্ৰয় লৈ থকা উত্তৰ পূবৰ সশস্ত্ৰ সংগঠন সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেই দেশৰ চৰকাৰখনৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰিছিল ।
ইয়াৰ পৰিপ্ৰেক্ষিতত ম্যানমাৰ চৰকাৰে সেই দেশত আশ্ৰয় লৈ ভাৰত বিৰোধী কাৰ্যকলাপ কৰি থকা উত্তৰ পূবৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে গ্ৰহণ কৰিছে বিশেষ অভিযান । ইপিনে এই অভিযানৰ ফলত শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা এনএচচিএন (কে), আলফা (স্বা), এনডিএফবি, কেএলঅৰ সদস‍্যসকলে শিবিৰত অস্ত্ৰ-শস্ত্ৰ এৰি পলায়ন কৰা বুলি খৱৰ আহিছে । অন্যহাতে উত্তৰ-পূবৰ সশস্ত্ৰ সংগঠনসমূহৰ ওপৰত আক্ৰমণ নকৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ চীন চৰকাৰৰ লগত আলোচনা অব্যাহত ৰাখিছে এনএচচিএন (কে) আৰু আলফা (স্বাধীন)ৰ শীৰ্ষ নেতৃত্ব । উত্তৰ-পূবৰ সশস্ত্ৰ সংগঠনসমূহক এতিয়া চীনে সহায় কৰিলে ম্যানমাৰ সেনাই আক্ৰমণ কৰিব নে নকৰে সেইটোহে লক্ষণীয় হ’ব ।
অভিজিৎ ভূঞা, চৰাইদেউ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here