আৰ বি উঃ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অপুৰ্ণা কাকতিৰ পৰলোকপ্ৰাপ্তি

0
92
দক্ষিণ কামৰূপৰ আগ্ৰণী শিক্ষানুষ্ঠান পলাশবাৰী আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ     অপূৰ্ণা দাস কাকতিৰ বিয়োগ। শুকুৰবাৰে ৰাতিপুৱা উচ্চ ৰক্তচাপজনিত কাৰণত নিজ বাসভৱনতে আকস্মিক বিয়োগ ঘটে।অপূৰ্ণা দাস কাকতিৰ স্বামী হৰিশংকৰ কাকতি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক আছিল।
অপূৰ্ণা দাস কাকতি একেধাৰে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান,সাহিত্য আদিৰ লগতো জড়িত আছিল।৩১জুলাই ১৯৫৮ চনত জন্ম লাভ কৰা দাস কাকতিয়ে এজন পুত্ৰ, এজনী ছোৱালী লগতে আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চল শোকস্তব্ধ হৈ পৰে লগতে অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়।
মিতু দাস আৰু ৰাহুল ঠাকুৰীয়া,মিৰ্জা, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here