আৰ পি out, হিমন্ত in !

0
85

NEWS DESK, NE INDIA : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতাৰ সৃষ্টি হৈছে । কোন সমষ্টিৰ পৰা কোন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব তাক লৈ ব্যস্ত হৈ পৰিছে  প্ৰতিটো ৰাজনৈতিক দল  । শেহতীয়াকৈ অহা এক ভিতৰুৱা খবৰ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব অসমৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্বই তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । আনহাতে তেজপুৰ সমষ্টিৰ পৰা হিমন্ত বিশ্বই  প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ লগে লগে এইবাৰ তেজপুৰৰ পৰা প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ’ব আৰ পি শৰ্মা । তদুপৰি হিমন্ত বিশ্বই তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়ালে হিমন্ত বিশ্বৰ বিৰুদ্ধে কংগ্ৰেছ দলে তেজপুৰ সমষ্টিৰ পৰা কাক প্ৰতিদ্বন্দিতা প্ৰদান কৰিব সেয়া লক্ষণীয় হব । কিয়নো তেজপুৰৰ পৰা এইবাৰ নিৰ্বাচনত কংগ্ৰেছে এম জি কে ভানুক প্ৰাথীত্ব প্ৰদান কৰাৰ খবৰ চৰ্চালৈ আহিছে । আনহাতে তেজপুৰ সমষ্টিত ভূপেন বৰায়ো নিজৰ চাপ পেলাবলৈ সক্ষম হৈছে । উল্লেখ্য যে ভূপেন বৰাক বৃহস্পতিবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে দিল্লীলৈ মাতি পঠাইছিল ।

ৰাহুল গান্ধীয়ে ভূপেন বৰাক দিল্লীলৈ মাতি পঠিওৱা আঁৰত আগন্তুক নিৰ্বাচনত একপ্ৰকাৰে তেজপুৰত ভূপেন বৰাক প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত প্ৰদান কৰিছে বুলিও কব পাৰি । গতিকে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে তেজপুৰ সমষ্টিৰ পৰা যদি হিমন্ত বিশ্ব শৰ্মাক প্ৰক্ষেপ কৰে, তেন্ত বিজেপিৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে কি ৰণনীতি গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হব । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here