আৰম্ভ হৈছে ৮৮ সংখ্যক শ্ৰীমন্ত শঙ্ককৰদেৱ সংঘৰ অধিৱেশন

0
189
NATIONAL DESK,NE INDIA:-
আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে মৰিগাওঁ চহৰৰ সমীপৰ সিধাবাৰী,নাওকটা,গাগিনীবৰি বৰঙাবাৰী পথাৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্রত আৰম্ভ হৈছে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশন | ৫ ফেব্ৰুৱাৰীৰ দিনা মৰিগাঁও চহৰৰ মূল তোৰণখন হৰিধ্বনি আৰু আয়তীৰ উৰুলিৰ ধ্বনিৰ মাজত উন্মোচন কৰে মৰিগাঁও জিলাৰ সত্র ন্যায়াধীশ প্ৰাঞ্জল দাসে | সমাজকৰ্মী বিলাহ দাস সোৱৰনী এই তোৰণখন নিৰ্মান কৰিছে মৰিগাঁৱৰ প্ৰতিভাবান শিল্পী জ্যোতিপ্ৰসাদ মহন্তই | ইয়াৰ পিচতেই জাগীৰোডৰ কাহিকুছিত ৰাইজে নিৰ্মান কৰা আদৰনি তোৰণখন উদঘাটন কৰে অৱসৰপাপ্ত আৰক্ষী মহাপৰিদৰ্শক দিলীপ বৰাই | অধিৱেশনত অংশগ্ৰহনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰান ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে  লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনস্থলীত পৰিনত হৈছে সীহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্র | ইতিমধ্যে অধিৱেশনৰ বাবে মৰিগাঁও চহৰৰ সমীপৰ সিধাবাৰী ,নাওকটা,গাগিনীবৰী বৰঙাবাৰী পথাৰৰ প্ৰায় ৪,৩৭৫ বিঘা ভূমিত কুৰিখন আদৰনি তোৰণ,দহ হাজাৰ দৰ্শক বহিব পৰা বিশাল মণ্ডপ,একেলগে পোন্ধৰ হাজাৰ ভকতে ভোজন কৰিব পৰা ভোজনালয়,ৰন্ধনশালা,তিনি শতাধিক শিবিৰ নিৰ্মাণ কৰা হৈছে | অধিৱেশন খন নিয়াৰিকৈ সফলতাৰে চলি যাবলৈ ৩৫ খন উপ-সমিতিৰ লগতে ১৮ খন সহায়ক সমিতি গঠন কৰা হৈছে |
 
      কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা সংঘৰ সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰন ,প্ৰাতঃপ্ৰসংগৰ পিচত গছপুলি ৰোপন,লোকপ্ৰাণ মতিৰাম বৰা সোৱৰনী মূল তোৰণ মুকলি,গ্ৰন্থমেলা আৰু প্ৰদশৰ্নী মুকলি,নামঘৰ তোৰণ উদঘাটন আৰু অধিৱেশনস্থলীৰ অস্থায়ী নাটঘৰত আসন প্ৰতিষ্ঠা কৰা হয় | ইয়াৰ পিচত মূল কাৰ্যালয় আদৰনি সমিতিৰ কাৰ্যালয় আৰু জিলা শংকৰদেৱ সংঘৰ কাৰ্যালয় মুকলি কৰা হয় | দিনৰ ১০.৩০ বজাত গ্ৰন্থমেলা আৰু প্ৰৰ্দশনী,কেন্দ্ৰীয় ভৰাল আৰু ভোজনালয় দ্বাৰ মুকলি কৰা হয় | ইয়াৰ পাচতেই বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ উদঘাটন ,সেৱা বাহিনীৰ শিবিৰ মুকলি কৰা হয় | দিনৰ ১১.৪৫ বজাত প্ৰাক্তন পদাধিকাৰ কৰুনাকান্ত কলিতা সোৱৰনী মূল মঞ্চ ,প্ৰতিনিধি শিবিৰৰ তোৰণ উদঘাটন ,আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ শিবিৰ মুকলিৰ লগতে নাটঘৰৰ তোৰণ মুকলি কৰা হয় | ইয়াৰ পিচত মূল মঞ্চত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা |

LEAVE A REPLY

Please enter your comment!
Please enter your name here