আলগাপুৰত এআইইউডিএফ আৰু কংগ্রেছ সমর্থকৰ সংঘাত ! আহত ১

0
45
হাইলাকান্দি জিলাৰ আলগাপুৰত সোমবাৰে নিশা দহ বজাত এআইইউডিএফ আৰু কংগ্রেছ সমর্থকৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে। ফলত চিতাংশু পাল নামৰ এগৰাকী ব্যৱসায়ীর ভৰি ভাঙি যায়। জানা গৈছে সোমবাৰে নিশা আলগাপুৰ বজাৰত এআইইউডিএফৰ নির্বাচনী জনসভা হৈছিল। শেষ বক্তা আছিল এআইইউডিএফ প্ৰমুখ বদৰুদ্দিন আজমল।  তেও  বক্তব্য ৰখা সময়তে নির্ধাৰিত সময় শেষ হৈ যায়। ফলত নির্বাচনী মেজিষ্ট্ৰেট উপস্থিত হৈ সভা অন্ত পতাত বাধা দিয়ে। এআইইউডিএফ ৰ নেতাসকলৰ অনুৰোধত ৫ মিনিট সময় দিয়া হয়। ইয়াক লৈ প্রতিবাদ জনায় কংগ্রেছ কর্মী সকলে।   দুইপক্ষৰ মাজত আৰম্ভ হয় কথা কাটাকাটিৰ।  বিষয়টো শেষ পর্যন্ত হতাহতির পর্যায়লৈ গুচি যায়। আৰম্ভ হয় চিঞৰ বাখৰ  দৌৰা দৌৰি।  এই দৌৰা দৌৰিৰ  সময়তে  এখন  বলেৰো গাড়িৰ খুন্দা চিতাংশু পাল নামৰ ব্যৱসায়ী গৰাকী আহত হয়। ঘটনাটোক লৈ অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীৰ হস্তক্ষেপত বর্তমান পৰিস্থিতি স্বাভাৱিক হৈছে বুলি জনা গৈছে। 
ইনপুট এডিটৰ, চাউথ অসাম ব্যুৰো , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here