বীৰেন্দ্ৰ ছেহৱাগে যোগদান কৰিব বিজেপিত…

0
122

NEWS DESK NE, INDIA  ক্ৰিকেটৰ খেল পথাৰত ৬-৪ ৰে দৰ্শকৰ মন মোহিত কৰা ভাৰতৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগে অৱশেষত ৰাজনীতিৰ পথাৰত খোজ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জানিব পৰা মতে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিবাৰ্চন খেলিব বুলি জানিব পৰা গৈছে।  গুৰুত্বপূৰ্ণ যে ৰবিবাৰে হাৰিয়ানাৰ নিবাৰ্চন বাবে  বিজেপি দলৰ এক উচ্চ নেতৃত্বৰ বৈঠকত ছেহৱাগক ৰোহটক সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই কথা অস্বীকাৰ কৰে হাৰিয়ানাৰ বিজেপিৰ সভাপতি সুভাষ বাৰালাই । তেওঁ কয় যে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক প্ৰাৰ্থীত্ব দিয়াৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো আলোচনা হোৱা নাই বুলি সংবাদ মাধ্যমক জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here