আইপিএলৰ ১২তম সংস্কৰণ : প্ৰথমখন খেল অনুষ্ঠিত হ’ব চেন্নাইত

0
75
SPORTS DESK NE INDIA: মঙলবাৰে জাৰী কৰা হ’ল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (আইপিএল)ৰ‌ ১২ তম সংস্কৰণৰ দুসপ্তাহৰ সময়সূচী । ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ১২ তম সংস্কৰণৰ আৰম্ভণি খেলখন অনুষ্ঠিত হ’ব চেন্নাইৰ এমএ চিদম্বৰম ষ্টেডিয়ামত । কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ সৈতে মুখামুখি হ’ব ঘৰুৱা দল তথা এমএচ ধোনীৰ নেতৃত্বৰ চেন্নাই চুপাৰ কিংছ দলটো । আইপিএলৰ ১২ তম সংস্কৰণত অংশগ্ৰহণ কৰিব মুঠ ৮ টা দলে ।
এইবাৰৰ আইপিলত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ ক্ৰমে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, চেন্নাই চুপাৰ কিংছ, চানৰাইজাৰ্চ হায়দৰাবাদ, দিল্লী কেপিটেলচ, মুম্বাই ইণ্ডিয়ানচ, কলকাতা নাইট ৰাইদাৰ্চ, ৰাজস্থান ৰয়েলচ আৰু কিংছ এলেভেন পঞ্জাৱ । খৱৰ অনুসৰি প্ৰথম দুটা সপ্তাহত প্ৰতিটো দলে খেলিব কমেও চাৰিখনকৈ খেল । অন্যহাতে দিল্লী কেপিটেলচ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুয়ে ৫ খনকৈ খেলিব প্ৰথম দুটা সপ্তাহত । প্ৰতিটো দলে কমেও দুখন খেল ঘৰুৱা ষ্টেডিয়ামত খেলিব আৰু প্ৰতিদ্বন্দ্বী দলৰ ষ্টেডিয়াম খেলিব দুখনকৈ খেল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here