আইপিএলৰ ১২তম সংস্কৰণত উভতিব ডেভিদ ৱাৰ্ণাৰ

0
48
SPORTS DESK, NE INDIA: অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত বেটচমেন ডেভিদ ৱাৰ্ণাৰে তেওঁৰ আইপিএল অনুৰাগীসকলৰ বাবে এক বিশেষ বাৰ্তা কঢ়িয়াই আনিলে । বল টেপ্মাৰিং বিবাদৰ বাবে আইপিএলৰ বিগত সংস্কৰণত অংশগ্ৰহণ কৰিব নোৱাৰিলে ৱাৰ্ণাৰে । আইপিএলৰ এই বৰ্ষৰ সংস্কৰণত অংশগ্ৰহণ গ্ৰহণ কৰিব পাৰিব খেলুৱৈ গৰাকীয়ে । ৱাৰ্ণাৰে এই বৰ্ষৰ আইপিএল সংস্কৰণত প্ৰতিনিধিত্ব কৰিব চানৰাইজাৰ্চ হায়দৰাবাদ দলটোক । উল্লেখ্য যে এই বৰ্ষৰ আইপিএল মহাৰণ আৰম্ভ হ’ব আগন্তুক ২৩ মাৰ্চৰ পৰা । চানৰাইজাৰ্চ হায়দৰাবাদে টুইটাৰযোগে এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত ৱাৰ্ণাৰৰ এটা বাৰ্তা দেখিবলৈ পোৱা যায় ।
ভিডিঅ’টোত ৱাৰ্ণাৰে কয় নমস্কাৰ ! মই ডেভিদ ৱাৰ্ণাৰ । মই অৰেঞ্জ আৰ্মীৰ সকলো প্ৰশংসকলৈ এটা বিশেষ বাৰ্তা দিব বিচাৰিছো । সকলো বৰ্ষৰ সংস্কৰণত সমৰ্থন দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছো । লগতে ডেভিদ ৱাৰ্ণাৰে ভিডিঅ’টোত কয় তেওঁ দললৈ উভতাৰ বাবে চানৰাইজাৰ্চ হায়দৰাবাদে তেওঁলোকৰ প্ৰথমখন ঘৰুৱা খেলৰ টিকটৰ মূল্য ৫০০ টকা ৰখাৰ বাবে সিদ্ধান্ত লৈছে । উল্লেখযোগ্য যে ৱাৰ্ণাৰে চানৰাইজাৰ্চ দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰি ২০১৬ চনত চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল চানৰাইজাৰ্চ হায়দৰাবাদ দলটো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here