নিশা  শিলচৰৰ ব্যস্ততম পথত  আগ্নিকাণ্ড

NE INDIA: পহিলা চেপ্টেম্বৰ শনিবাৰে নিশা দেৰবজাত শিলচৰৰ ইন্ডিয়া ক্লাব পইন্টত হঠাৎ  হাইভোল্টেজ বৈদ্যুতিক তাৰঁ‌  ছিঙি মাটিত পৰি যায় । ফলত সমগ্ৰ পথ  জুইৰ লেলিহান শিখাৰে আৱৰি পৰে। সেই সময়ত বৰষুণো আহিছিল । ফলত তাঁ‌ৰ ছিঙি মাটিত পৰাৰ পিচতে মাটিৰ সংস্পৰ্শত প্রায় আধঘন্টা ধৰি জুই জ্বলি থাকিল । সেই সময়ত স্পোর্টছ জাৰ্নেলিষ্ট মহম্মদ তাজউদ্দিনে ডিউটি সমাপ্ত কৰি বাসগৃহলৈ উভতিছিল...

ৰঙিয়াত সম্বৰ্ধনা অনুষ্ঠান

NE INDIA ৰঙিয়া : শনিবাৰে ৰঙিয়াৰ কজিগাঁওস্থিত বংশীধৰ চৌধুৰী বড়ো হাইস্কুলত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান ৷ উক্ত অনুস্থানত ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা বড়ো মাধ্যমৰ কৃতি ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুস্থানটোত সভাপতিত্ব কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ সভাপতি বলোৰাম বড়োয়ে ৷ সভাখনত উপস্থিত থাকে ৰঙিয়াৰ  বিধায়ক...

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিলচৰৰ পথত  আয়োজন কৰিলে  নৃত্যৰ অনুস্থান

৭২তম স্বাধীনতা দিৱসৰ দিনা শিলচৰৰ অতি ব্যস্ত্যতা পূৰ্ণ পথ চেন্ত্ৰেল ৰোডত দেশভক্তিমূলক আধুনিক নৃত্যৰ এটি ব্যতিক্ৰমী অনুস্থান আয়োজন কৰিলে INDEPENDENCE YOUNGSTAR নামৰ এটা দলে ৷গোলদীঘি মলৰ ওচৰত প্ৰায় দেৰ ঘন্টা জুৰি দলটোৱে কেইটামান দেশভক্তি মূলক আধুনিক গীতৰ নৃত্য পৰিবেশন কৰি জনসাধাৰণক আনন্দিত কৰে  ৷এই ব্যতিক্ৰমধৰ্মী অনুস্থানটো কাৰণে বিপুল সংখ্যক জনতাই ভিৰ কৰিছিল চেন্ট্ৰল ৰোড ৷ https://youtu.be/sB5snyjz1DE?t=2 প্ৰদীপ্ত পুৰকায়স্থ  কাটিগড়া NEINDIA

স্বাধীনতা দিৱসত গণনাট্য সংঘৰ অনশন

স্বাধীনতা দিৱসৰ দিনা পুৱাই কামপুৰত ভাৰতীয় গণ নাট্য সংঘৰ অনশন । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাবে ঘোষণা কৰাৰ দাবীত এই অনশন । নদীবান্ধ বন্ধ আৰু পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰো দাবী তোলে অনশনকাৰীয়ে ।  আদিল আলম শ্বাহ নগাঁও NEINDIA

ৰফিকুলৰ বাসগৃহত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ আকস্মিক ভাৱে মৃত্যু হৈছিল ৰূপহীহাট ব্লকৰ কংগ্ৰেছ সভাপতি ৰফিকুলৰ ৷

News desk neindia: ৰূপহী হাট ব্লকৰ কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামৰ  পৰিয়ালৰ খবৰ ললে কংগ্ৰেছৰ শ্ৰেষ্ঠ নেতা ৰকিবুল হুছেইনে।আকস্মিক মৃত্যু হৈছিল ৰূপহী হাট ব্লক কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামৰ ৷ বিধায়ক নুৰুল হুদাক লগত লৈ মৃত ৰফিকুল ইছলামৰ বাসগৃহত উপস্থিত হয় ৰকিবুল হুছেইন।২৫ জুলাইত মেদবহুল ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৰফিকুল ইছলামে ৷

মাৰ্ঘেৰিটাত কিশোৰীক যৌন নিৰ্যাতন

NEWS DESK NE INDIA: তিনিচুকীয়া জিলাৰ  মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত  বৰগোলাইৰ তেল খাদ বস্তিত এগৰাকী  কিশোৰীক যৌণ নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । সঞ্জু চুব্বা নামৰ ২৪ বছৰীয়া যুৱক এজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ ১০ বছৰীয়া কিশোৰী এগৰাকীক  যৌণ নিৰ্যাতন চলোৱাৰ অপচেষ্টা চলাইছিল  । কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ  ৰাইজ উপস্থিত হৈ সঞ্জু চুব্বাক হাতে...

Indian Idol ৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

  দেশৰ সংগীতৰ "ৰিয়েলিটী শ্বো" ৰ ক্ষেত্ৰত খলকনি সৃষ্টি কৰি জনপ্ৰিয়তাৰ চুড়ান্ত শিখৰত উপনীত হোৱা  ইণ্ডিয়ান আইডলৰ পৰৱৰ্তী প্ৰশিক্ষণ প্ৰতিষ্ঠান  আজি   ৰঙিয়াত উদ্বোধন কৰা হয়। উদ্বোধন কৰে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা প্ৰশিক্ষক জেপি দাসে। উদ্বোধনী অনুষ্ঠানত   কন্ঠশিল্পী পুলক বৰুৱা   সহ  গুৱাহাটীৰ কেবাগৰাকী শিল্পীৰ উপৰিও ৰঙিয়াৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে  । ইণ্ডিয়ান আইডলৰ তত্বাৱধানত কলকাতা আৰু গুৱাহাটীত আৰম্ভ কৰা শাস্ত্ৰীয়...

বছৰ পুৰ নহওঁ‌তেই জহিখহি গল মেৰামতি কৰা পথ

বছৰ পুৰ নহওঁ‌তেই জহিখহি গল মেৰামতি কৰা পথ বঙাইগাওঁ‌ পৌৰসভাৰ অন্তৰ্গত ১৮ আৰু ১৯ নং ৱাৰ্ডৰ পথৰ দৃশ্য এয়া । ১৮ আৰু ১৯ নং ৱাৰ্ডৰ সংযোগী গুৰুত্বপুৰ্ণ পথটি ক্ৰমে জৰাজীৰ্ণ হৈ পৰিছে । পৰিতাপৰ কথা যে মাত্ৰ কেইমাহ মান পুৰ্বে ঠিকাদাৰে পথটো মেৰামতিৰ আৱন্টন পাই মেৰামতি কৰিছিল । কিন্ত কাম সমাপ্ত হোৱা বছৰ দিন নহল , পথটো চপৰা চপৰে ভাঙিবলৈ ললে...

বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ লক্ষীপুৰত

    বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ লক্ষীপুৰত শনিবাৰে কাছাৰ জিলাৰ অসম মণিপুৰ সীমান্তত লক্ষীপুৰ মহকুমাৰ জিৰিঘাত আৰক্ষীয়ে MN019644 নম্বৰ ট্ৰাকখনৰ পৰা প্ৰায় 200 বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে।লগত ট্ৰাকখনৰ চালক চহিদুৰ ৰহমান আৰু ট্ৰাকখনৰ মালিক মুহিবুদ্দিনকআটক কৰে। আটকাধীন চালক আৰু মালিক দ্বয়ৰ ঘৰ মণিপুৰ জিলাৰ তাওবাল জিলাত।চালক আৰু মালিকক লক্ষীপুৰ আদালতলৈ নি শিলচৰ জেলত গতাই দিয়ে জিৰিঘাত আৰক্ষীয়ে।ট্ৰাকখন ইম্ফলৰ পৰা লক্ষীপুৰ মহকুমাৰ...