অগ্নিনিৰ্বাপক বাহিনীক ফোম টেকনলজিৰ বাহন আগবঢ়ালে  সাংসদ  সুস্মিতা দেৱে

MPLAD আচনি অন্তৰ্গত অগ্নিনিৰ্বাপক বাহিনীক ফোম টেকনলজিৰ অগ্নিনির্বাপক বাহন আগবঢ়ালে  সাংসদ সুস্মিতা দেৱে। মঙ্গলবাৰে কাছাৰ জিলা ক্রীড়া সংস্থাৰ প্রাঙ্গণত আয়োজিত এক অনাড়ম্বৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰণদীপ দামৰ হাতত বাহন খন চাবি তুলি দিলে সাংসদ সুস্মিতা দেৱে। অনুষ্ঠানৰ পিচত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ দেৱে জনালে, অগ্নিনিৰ্বাপক বাহিনীৰ ওচৰত ফোম টেকনলজিৰ বাহন নথকাৰ ফলত অগ্নি নির্বাপনৰ সময়ত ভীষণ অসুবিধাৰ সম্মুখীন...

মাঘী পূৰ্ণিমা উপলক্ষে উদুলি মুদুলি পৰিৱেশ বটদ্ৰৱা থানত

পবিত্র মাঘী পূৰ্ণিমা উপলক্ষে মঙলবাৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমি বটদ্রৱাত সৃষ্টি হয় এক উদুলি মুদুলি পৰিৱেশৰ । হৰি নামৰ অমৃতৰসৰ নিজৰা বোৱাই পুৱাৰে পৰা বটদ্রৱা থানত হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠধামলৈ পৰিণত হয় বটদ্ৰৱা থান । জাতীয় সাজ পৰিধান কৰি হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আহি বটদ্রৱা থানৰ কীৰ্তনঘৰ, দৌল মন্দিৰত এভাগ তেল বন্তি জ্বলাই নৈবেদ্য আগবঢ়াই...

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সন্মুখত নিশা স্থানীয় ৰাইজৰ প্ৰতিবাদ । বাইহাটা চাৰিআলি আৰক্ষী থানাৰ এগৰাকী সহকাৰি উপ পৰিদৰ্শকৰ বিৰুদ্ধে এই প্ৰতিবাদ । কিছুদিন পূৰ্বে এক মটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ নেতা এগৰাকীৰ বিষয়ে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে । সহকাৰী উপ পৰিদৰ্শক হৰি চন্দ্ৰ কুমাৰে মৃত ছাত্ৰ নেতা ৰঞ্জন কলিতাৰ বিষয়ে কৰা অশ্লীল মন্তব্যত জাঙুৰ খাই...

কলিয়াবৰত উদযাপন পবিত্ৰ মাঘী পূৰ্ণিমা

মঙলবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ ভড়ালী নামঘৰ আৰু শ্ৰীশ্ৰী বানেশ্বৰ বাবা থানতো প্ৰতিবছৰৰ দৰে এইবছৰো উলহ-মালহৰে উৎযাপন কৰা হয় পবিত্র মাঘী পূৰ্ণিমা । দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰস্থিত ঐতিহাসিক ভড়ালী নামঘৰত আয়োজন কৰা মাঘী পূৰ্ণিমা উপলক্ষে ভড়ালী নামঘৰটো পৰ্যবসিত হৈছে দ্বিতীয় বৈকুণ্ঠধামলৈ । পুৱাৰে পৰাই ৰাজ‍্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ লোকসকলে ধূপ-দ্বীপ, বন্তি-শৰাই আগবঢ়াই মনোকামনা পূৰণাৰ্থে সেৱা...

HPC ত শ্বহীদক শ্ৰদ্ধাঞ্জলী

HPC পেপাৰ মিলছ ৰিভাইভেল একচন কমিটিৰ আহব্বানত কাগজ কলটোৰ কর্মচাৰী সকলে বুধবাৰে পুৱা ৮:৩০ বজাত কাগজ কলৰ মুল গেটৰ সন্মুখত সমবেত হৈ বিগত ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলবামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্র নিন্দা কৰে । এই বৰ্বৰ আক্ৰমণত শ্বহীদ CRPF জোৱান সকলৰ আত্মাৰ শান্তি কামনা কৰি মৌনতা পালন কৰে । প্ৰণয় ৰয় , Ne india

শিলচৰত কংগ্রেছ প্রার্থী সুস্মিতা দেৱ ! জিলা কংগ্ৰেছৰ সৰ্বসন্মত প্ৰস্তাৱ       

শিলচৰ লোকসভা আসনৰ পৰা কংগ্রেছ প্রার্থী হৱ সুস্মিতা দেৱ। মঙ্গলবাৰে জিলা কংগ্রেছ কমিটিয়ে সৰ্বসন্মতিক্ৰমে এই সন্ধৰ্ভত চুড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে। অৱশ্যে ইয়াৰ পুৰ্বে কাছাৰৰ ৭ টা বিধানসভাৰ মন্ডল কংগ্ৰেছৰ পৰা সুস্মিতাৰ নাম প্ৰস্তাৱ কৰোৱা হৈছে।  কমিটিৰ পক্ষৰ পৰা জনোৱা হৈছে, শীঘ্ৰেই তেওঁ‌লোকৰ সিদ্ধান্তৰ কথা জনোৱা হব প্রদেশ কংগ্রেছক।  কংগ্রেছৰ সূত্রৰ পৰা জনা গৈছে, সুস্মিতা দেৱক শিলচৰ আসনত টিকট প্ৰদান...

কাকপথাৰত বিধায়ক সুৰেণ ফুকনৰ প্ৰতিকৃতি দাহ ! ক্ষমা খোজাৰ দাবী আটছাৰ

ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে আটছা কৰ্মীক অশালীন ব্যৱহাৰ কৰাৰ প্ৰতিবাদকল্পে তিনিচুকীয়া জিলাখনৰ বিভিন্ন ঠাইৰ লগতে কাকপথাৰতো মঙলবাৰে সংগঠনটোৰ সদস্যসকলে বিধায়ক গৰাকীৰ প্ৰতিকৃতি দাহ কৰে ৷ অন্যহাতে চাহ জনজাতি ছাত্ৰ সন্থাৰ কাকপথাৰ উপ শাখা সমিতিয়ে কাকপথাৰ থানা চাৰিআলিত বিধায়ক গৰাকীৰ প্ৰতিকৃতি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে ৷ ছাত্ৰ কৰ্মী সকলে সুৰেণ ফুকন হুছিয়াৰ, সুৰেণ ফুকনৰ দাদাগিৰি নচলিব,...

পুৰণিগুদামত চাঞ্চল্যকৰ দিন ডকাইতি

নগাঁৱৰ পুৰণিগুদাম পহুকটাত চাঞ্চল্যকৰ দিন ডকাইতি । আৰোহন ফাইনেঞ্চিয়েল গোটৰ কৰ্মচাৰীৰ পৰা লুটি নিলে প্ৰায় আঢ়ৈ লাখ টকা । ৰূপহীহাটৰ পৰা মাহেকীয়া কিস্তিৰ টকা সংগ্ৰহ কৰি ওভতি আহি আছিল কৰ্মচাৰীজন । পালচাৰ বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই আগভেটি ধৰি লোকজনক আহত কৰাৰ লগতে টকা লৈ উধাও দুৰ্বৃত্তকেইটা । ঘটনাত আহত হোৱা আৰোহণ গোটৰ কৰ্মচাৰীজনৰ নাম আনন্দ বৰা নামৰ কৰ্মচাৰীজনক নগাঁও...

সোণাৰিত চিলাৰায় দিৱস পালন

অদমনীয় সাহস আৰু শক্তিৰ প্ৰতীক মহাবীৰ চিলাৰায়ৰ জন্মদিৱস মঙলবাৰে সোণাৰিত পালন কৰা হয় । এই উপলক্ষে সদৌ অসম কোঁচ-ৰাজবংশী সন্মিলনৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি বৰাহী চাৰিআলিত অৱস্থিত চিলাৰায় উদ্যানত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । সদৌ অসম কোঁচ-ৰাজবংশী সন্মিলনৰ চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা সমাজকৰ্মী তিলক নেওগে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে সন্মিলনৰ পতাকা উত্তোলন কৰে সভাপতি ক্ষীৰোদ দত্তই ।...

মালিগাঁৱত  চলিল উচ্ছেদ অভিযান

 NEWS DESK , NE INDIA: মঙ্গলবাৰে মহানগৰীৰ মালিগাঁৱত গুৱাহাটী পৌৰ নিগমে চলালে উচ্ছেদ অভিযান। মালিগাঁৱ আৰু পাণ্ডুৰ  পদপথৰ অবৈধ দোকান উচ্ছেদ কৰা হয় বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে কয় যে ৰাস্তাৰ দাঁতিত থকা অস্থায়ী দোকান সমূহৰ বাবে নিতৌ যান যথৰ সৃষ্টি হয় অঞ্চলটোত ফলত অসুবিধাৰ সৃষ্ট হয় পদপথচাৰীৰ বাবে।